ৰাজধানী দিল্লীত ভয়ংকৰ আক্ৰমণৰ ষড়যন্ত্ৰ মৌলবাদীৰ ! এনএছজিয়ে অভিযান চলাই উদ্ধাৰ কৰিলে বিস্ফোৰণৰ বাবে অনা IED

 


দিল্লীৰ সীমাপুৰী অঞ্চলত আজি এনএছজিৰ অভিযানত জব্দ হৈছে IED আৰু বহু আপত্তিজনক নথি-পত্ৰ। দিল্লীৰ সীমাপুৰ অঞ্চলৰ এটি ঘৰত অভিযান চলাই নিৰাপত্তা বাহিনীয়ে জব্দ কৰিছে এই সামগ্ৰী সমূহ।

জানিব পৰা মতে, দিল্লীত কূটাঘাটৰ পৰিকল্পনাৰে সীমাপুৰীৰ কাছিম নামৰ এগৰাকী ব্যক্তিৰ ঘৰত তিনিজন সন্দেহযুক্ত মৌলবাদীয়ে আশ্ৰয় লৈ থকাৰ খবৰ দিল্লী আৰক্ষীয়ে লাভ কৰিছিল। অৱশ্যে আৰক্ষী উপস্থিত হোৱাৰ পূৰ্বেই উগ্ৰপন্থীৰ দলটোৱে সেই স্থানৰ পৰা পলায়ন কৰে। কিন্তু উগ্ৰপন্থীৰ দলটোৱে নিজৰ সামগ্ৰী ভৰ্তি বেগটো কোঠাতে এৰি থৈ যায়। ইয়াৰ পিছতে আৰক্ষীয়ে বেগটোত শক্তিশালী বোমা থকাৰ সন্দেহ কৰি NSGক খবৰ দিয়ে। NSG ৰ দল সেই স্থানত উপস্থিত হৈ বেগটোত শক্তিশালী IED উদ্ধাৰ কৰাৰ লগতে বহু আপত্তিজনক নথি-পত্ৰও উদ্ধাৰ কৰে। দিল্লী আৰক্ষীৰ চোৰাংচোৱা সূত্ৰ অনুসৰি হিমাচল প্ৰদেশৰ কুল্লুৰ পৰা দিল্লীলৈ কূটাঘাটৰ বাবে উগ্ৰপন্থীয়ে IED আনিছিল। উল্লেখযোগ্য যে, কিছূদিন পূৰ্বে  গাজিপুৰটো আৰক্ষীয়ে IED উদ্ধাৰ কৰিছিল। ইতিমধ্যে NSG ৰ দলে IEDটো নিস্ক্ৰিয় কৰিবলৈ সক্ষম হৈছে

Post a Comment

0 Comments