ইণ্ডিয়া গে’টৰ পৰা অন্তৰ্ধান নেতাজীৰ হল’গ্ৰাম মূৰ্তি! উত্তৰ দিলে কেন্দ্ৰই

 


নেতাজীৰ হল’গ্ৰাম মূৰ্তি নাই। চাৰিওদিশে অন্ধকাৰ! বৃহস্পতিবাৰে ইণ্ডিয়া গে’টত চৰজমিন তদন্ত কৰিছিল তৃণমূলৰ সংসদীয় প্ৰতিনিধি দলে। বিগত ২৩ জানুৱাৰীত নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্মদিনত ইণ্ডিয়া গে’টৰ সন্মুখত নেতাজীৰ হল’গ্ৰাম মূৰ্তি উন্মোচন কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। কিন্তু বৃহস্পতিবাৰে তৃণমূলৰ প্ৰতিনিধি দলে দেখিলে যে তাত নেতাজীৰ হল’গ্ৰাম মূৰ্তিও নাই, তাৰ কোনো চিনো নাই। যি পৰ্দাৰ সহায়ত সেয়া দেখুওৱা হৈছিল সেয়াও ফাটি গৈছে। ইয়াৰ পিছতে নেতাজীক ‘অপমান’ৰ অভিযোগ তুলিলে তৃণমূলে।

শুকুৰবাৰে অৱশ্যে নেতাজীৰ হল’গ্ৰাম নিষ্প্ৰদীপ হোৱাৰ ‘কাৰণ’ বাখ্যা কৰিলে কেন্দ্ৰীয় সাংস্কৃতিক মন্ত্ৰণালয়ে। যদিও কোনো চৰকাৰী বিবৃতি নহয়, সাংস্কৃতিক মন্ত্ৰণালয়ৰ উচ্চ পৰ্যায়ৰ সূত্ৰৰ উদ্ধৃতি দি সংবাদ প্ৰতিষ্ঠান এএনআয়ে জনাইছে, সাংস্কৃতিক মন্ত্ৰণালয়ৰ দাবী – বিষয়টোত কোনো ৰাজনীতিৰ প্ৰশ্ন নাই। প্ৰবল বতাহৰ বাবে কিছু সময়ৰ বাবে নুমুৱাই দিয়া হৈছিল নেতাজীৰ হল’গ্ৰাম মূৰ্তিৰ পোহৰ।

ইমানেই নহয়, সাংসস্কৃতিক মন্ত্ৰণালয়ৰ ফালৰ পৰা জনোৱা হৈছে, বতাহ কমাত মাজৰাতি পুনৰ জ্বলাই দিয়া হয়। আমাৰ দেশতে নহয়, আন্তৰ্জাতিক স্তৰতো এই নিয়ম মানি চলা হয়। এইদৰে যুক্তি দৰ্শাইছে সাংস্কৃতিক মন্ত্ৰণালয়ৰ সূত্ৰই।

বৃহস্পতিবাৰে সন্ধিয়া ৬ বজাত ইণ্ডিয়া গ’টৰ সন্মুখত উপস্থিত হৈছিল তৃণমূলৰ ছয় সাংসদ সৌগত ৰায়, জহৰ সৰকাৰ, সুখেন্দুশেখৰ ৰায়, শান্তা ছেত্ৰী, নাদিমুল হক আৰু মৌছম বেনজিৰ নুৰ। হাতত ‘নেতাজীক অন্ধকাৰত নাৰাখিব’ পোষ্টাৰ।

হল’গ্ৰাম মূৰ্তিটো চোৱাচিতাৰ দায়িত্বত থকা কৰ্মীসকলৰ সৈতেও কথা পাতে তৃণমূলৰ সাংসদ সুখেন্দুশেখৰ ৰায়ে। সংবাদ মাধ্যমক তেওঁ কয়, ‘‘নেতাজী এতিয়া আৰু নাই। মূৰ্তিটো আছিল ছেল্যুট কৰা নেতাজীৰ। তাক লৈও সমালোচনা হয়। কাক ছেল্যুট কৰিছে নেতাজীয়ে, মোদীক?’’ তৃণমূলৰ সাংসদৰ মন্তব্য, তেওঁলোক অহাৰ খবৰ পাই তাৰাতাৰি নেতাজীৰ মূৰ্তিৰ ঘূৰাই অনাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে কেন্দ্ৰীয় চৰকাৰে।

Post a Comment

0 Comments