ক্ৰিপ্টোকাৰেন্সীকলৈ ডাঙৰ ঘোষণা বাজেটত, ৩০ শতাংশ কৰ আৰোপ!


Crypto Tax Budget 2022: ৰিজাৰ্ভ বেংকৰ অধীনতেই দেশত ক্ৰিপ্টোকাৰেন্সীৰ লেনদেন হ'ব। আনকি ইয়াৰ পৰা আয়ৰ ৩০ শতাংশ কৰ চৰকাৰক দিব লাগিব। ক্ৰিপ্টোকাৰেন্সী বা অন্যান্য ভাৰ্চুৱেল সম্পদৰ কৰ আৰোপৰ বিষয়ে স্পষ্ট মত প্ৰকাশ কৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰীয়ে।

ক্ৰিপ্টো বা ডিজিটেল সম্পদৰ উপহাৰৰ ওপৰতো কৰ আৰোপ কৰা হ'ব বুলি জানিবলৈ দিয়ে বিত্তমন্ত্ৰীগৰাকীয়ে। সংসদত কেন্দ্ৰীয় বিত্তীয় বাজেট পাছ হোৱাৰ পিছত ১ এপ্ৰিলৰ পৰা কৰ প্ৰস্তাৱসমূহ কাৰ্যকৰী হ'ব। ক্ৰিপ্টোকাৰেন্সীৰ লগতে আয়ৰ ওপৰত ৩০ শতাংশ কৰ লটাৰী, গেম শ্ব আদিৰো কৰ হ'ব সমতুল্য।

ডিজিটেল মুদ্ৰাৰ দৰে সম্পদ কিছু বছৰ ধৰি বিশ্বজুৰি জনপ্ৰিয় হৈ পৰিছে। ক্ৰিপ্টোকাৰেন্সী এক্সচেঞ্জ আৰম্ভ হোৱাৰ লগে লগে এই সম্পদসমূহত বাণিজ্য বহুপৰিমাণে বাঢ়িছে। কিন্তু ইয়াৰ পূৰ্বে এই ধৰণৰ সম্পদৰ ওপৰত কৰ আৰোপাৰ ওপৰত ভাৰতবৰ্ষত কোনো সুস্পষ্ট নীতি আজি পৰ্যন্ত নাছিল।

Post a Comment

0 Comments