আহমেদাবাদত প্ৰসিদ্ধ কৃষ্ণৰ ছুনামী, দ্বিতীয় এদিনীয়াত ভাৰতৰ হাতত পৰাস্ত ৱেষ্টইণ্ডিজ


 টীম ইণ্ডিয়াই বুধবাৰে শৃংখলাৰ দ্বিতীয় এদিনীয়াত ৱেষ্ট ইণ্ডিজক (IND vs WI 2nd ODI) ৪৪ ৰাণত পৰাস্ত কৰে। এই জয়ৰ সৈতে আয়োজক দলটোৱে ৩ খন খেলৰ শৃংখলাটোত বিজয় সাব্যস্ত কৰিলে। বুধবাৰে এই খেলখনত ভাৰতে ৯ উইকেট হেৰুৱাই ২৩৭ ৰাণ সংগ্ৰহ কৰিছিল। আলহী দলটোৱে ৪৬ অভাৰত ১৯৩ ৰাণত অল আউট হয়। যুৱ পেচাৰ প্ৰসিদ্ধ কৃষ্ণা (Prasidh Krishna)ই সুন্দৰ প্ৰদৰ্শন কৰিছিল আৰু ৯ অভাৰত মাত্ৰ ১২ ৰাণত ৪টা উইকেট দখল কৰে। শৃংখলাটোৰ তৃতীয় আৰু অন্তিম এদিনীয়া খেলখন শুক্ৰবাৰে ১১ ফেব্ৰুৱাৰীত আহমেদাবাদৰ একেখন খেলপথাৰত অনুষ্ঠিত হ'ব।

ৱেষ্ট  ইণ্ডিজৰ হৈ শ্বামাৰ ব্ৰুকচে ৪৪ ৰাণ, আকিল হুছেইনে ৩৪, ছাই হোপছে ২৭ ৰাণ আৰু ওডিয়ন স্মীথে ২৪ ৰাণ কৰে। আঘাটৰ কাৰণে ৱেষ্ট ইণ্ডিজৰ অধিনায়ক কেইৰণ পোলাৰ্ডে খেলিব পৰা নাছিল।

ইয়াৰ পূৰ্বে ভাৰতৰ সূৰ্যকুমাৰ যাদৱ (Suryakumar Yadav)ৰ ৬৪ আৰু কে এল ৰাহুল (KL Rahul)ৰ ৪৯ ৰাণৰ সহায়ত ভাৰতে ৫০ অভাৰত ৯ উইকেট হেৰুৱাই ২৩৭ ৰাণ সংগ্ৰহ কৰিছিল।

Post a Comment

0 Comments