বিশ্বকাপ জিকাৰ পিছত ভাৰতীয় খেলুৱৈসকলক BCCI–এ দিব ৪০ লাখকৈ, ঘোষণা কৰিলে সৌৰভ গাংগুলীয়ে

 


ভাৰতীয় আণ্ডাৰ–১৯ (Indian Under-19 Team) দলে শনিবাৰে বিশ্বকাপত ইংলেণ্ডক হৰুৱাই পঞ্চমবাৰলৈ দখল কৰিলে খিতাপ। ফাইনেলত ইংলেণ্ডক ৪ উইকেটত পৰাস্ত কৰি ভাৰতীয় দলে দখল কৰে বিশ্বকাপ। ফাইনেলত ইংলেণ্ডে প্ৰথমে বেটিং কৰি ১৮৯ ৰান সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত ভাৰতীয় দলে ৪৭.৪ অভাৰত জয়ৰ লক্ষ্যত উপনীত হয়। ৪৭.৪ অভাৰত ৬টা উইকেট হেৰুৱাই ভাৰতে দখল কৰে বিশ্বকাপ। দলৰ অধিনায়কৰ দায়িত্বত আছিল যশ ধুল।

খিতাপ দখলৰ পিছত বিচিচিআই (BCCI)–এ খেলুৱৈৰ উপৰি ছাপ’ৰ্ট ষ্টাফৰ বাবে ডাঙৰ ঘোষণা কৰে। ভাৰতে ২০০০, ২০০৮, ২০১২, ২০১৮ আৰু ২০২২ত আণ্ডাৰ–১৯ বিশ্বকাপ দখল কৰে। ব’ৰ্ডৰ সচিব জয় শ্বাহে ফাইনেলত ভাৰতৰ জয়ৰ পিছত টুইট কৰে, ‘আণ্ডাৰ–১৯ বিশ্বকাপত সুন্দৰ প্ৰদৰ্শন কৰি খিতাপ দখল কৰা আণ্ডাৰ–১৯ দলৰ সদস্যসকলক বিচিচিআয়ে ৪০ লাখকৈ টকা আৰু ছাপ’ৰ্ট ষ্টাফক ২৫ লাখকৈ টকা প্ৰদান কৰিব। আপোনালোকে আমাক গৌৰৱান্বিত কৰিছে।’

বিচিচিআইৰ অধ্যক্ষ সৌৰভ গাংগুলীয়েও (Sourav Ganguly) খেলুৱৈসকলক পুৰস্কাৰ প্ৰদান সন্দৰ্ভত ছচিয়েল মিডিয়াত ঘোষণা কৰিছে। গাংগুলীয়ে লিখিছে, ‘আণ্ডাৰ–১৯ দলৰ খেলুৱৈ, ছাপ’ৰ্ট ষ্টাফ আৰু ছেলেক্টৰ্ছক বিশ্বকাপ জিকাৰ বাবে শুভকামনা। আমাৰ ফালৰ পৰা ৪০ লাখ টকাৰ পুৰস্কাৰ ঘোষণা প্ৰশংসাৰ এক সৰু চিন। সুন্দৰ খেল।’

উল্লেখযোগ্য যে মেচত সুন্দৰ অলৰাউণ্ডাৰ প্ৰদৰ্শনৰ বাবে ৰাজ বাৱাই প্লেয়াৰ অব দ্য মেচ সন্মান লাভ কৰে। তেওঁ ৫ উইকেট দখল কৰে। ইয়াৰ উপৰি ৪টা উইকেট হেৰুৱাই টীম ইণ্ডিয়াই সংঘৰ্ষ কৰিবলগীয়া হোৱাৰ সময়তে তেওঁ উল্লেখযোগ্য ৩৫ বনোৱাই নহয়, নিশান্ত সিন্ধুৰ সৈতে অৰ্ধশতকীয় যুটীৰে জয় নিশ্চিত কৰে।

Post a Comment

0 Comments