মটৰচাইকেলত শিশুৰ বাবে বাধ্যতামূলক হ'ব হেলমেট আৰু ছেফটী সজুলি

 


পথ পৰিবহণ মন্ত্ৰালয়ে (Road Transport Ministry) বুধবাৰে মটৰচাইকেলত চাৰি বছৰৰ তলৰ শিশুৰ বাবে সুৰক্ষা হাৰ্নেছ (safety harness) আৰু ক্ৰেছ হেলমেট (crash helmet)ৰ ব্যৱহাৰ বাধ্যতামূলক কৰাৰ বাবে নতুন নিয়ম জাৰি কৰিছে। নতুন নিয়মত কোৱা হৈছে যে চাৰি বছৰ বয়সলৈকে শিশু আৰোহী কঢ়িয়াই নিয়া মটৰচাইকেল এখনৰ গতি প্ৰতি ঘণ্টাত ৪০ কিলোমিটাৰতকৈ বেছি হ'ব নোৱাৰিব।

সুৰক্ষা হাৰ্নেছ হৈছে শিশুৱে পিন্ধিব লগা এক বেল্ট জাতীয় সৰঞ্জাম যিটোত এযোৰ ফিটা সংলগ্ন কৰা থাকে আৰু চালকৰ সৈতে ইয়াক শিশুটিৰে সংলগ্ন কৰি ল'ব পাৰি যাৰ ফলত শিশুটি পৰি যোৱাৰ সম্ভাৱনা নাথাকে।

Post a Comment

0 Comments