প্ৰাক্তন পত্নীৰ কাপোৰ চুৰি কৰি ন-কইনাক পিন্ধালে দৰাই! বন্ধুৰ ম'বাইলত ফটো দেখি আৰক্ষীৰ কাষ চাপিল প্ৰাক্তন পত্নী! বিয়াৰ দিনাই গ্ৰেপ্তাৰ নৱ-দম্পত্তি!


নিজৰ বিয়াৰ দিনাই গ্ৰেপ্তাৰ হ'ল নৱদম্পত্তি। কিন্তু কিয়? নতুন পত্নীৰ পোছাকক লৈ সূত্ৰপাত হয় সমস্যাৰ। জনা যায় যে, চুৰি কৰা পোছাক পৰিধান কৰিছিল নতুন পত্নীয়ে। তাকো যাৰে তাৰে পৰা নহয়। দৰাৰ প্ৰাক্তন পত্নীৰ পৰা চুৰি কৰা পোছাক। দৰাৰ সৈতে ডিভোৰ্চৰ পিছতে প্ৰাক্তন পত্নীৰ পোছাক হেৰাইছিল।

এতিয়া প্ৰাক্তন স্বামীৰ দ্বিতীয় বিবাহৰ ফটো এজন বন্ধুৰ ফোনত দেখি নিজৰ হেৰুওৱা পোছাক চিনাক্ত কৰে প্ৰাক্তন পত্নীয়ে। আৰু তাৰ পিছতে আৰক্ষীক খবৰ দিয়ে। দুয়োজনৰ পৰিচিত এখন বন্ধুৰ পৰা সেই ফটো লাভ কৰিছিল প্ৰাক্তন পত্নীয়ে। ইয়াৰ পিছতে ছচিয়েল মিডিয়াতো শ্বেয়াৰ কৰে সমগ্ৰ ঘটনা। আৰু অৱশেষত বিয়াৰ দিনাই চুৰি কৰা পোছাক পিন্ধি গ্ৰেপ্তাৰ হয় নৱ দম্পত্তি।
সেই বন্ধুজনে জনাইছিল যে, মেৰী আৰু আডামে একেটা কোম্পানীতে চাকৰি কৰিছিল। তাৰ পূৰ্বেই তেওঁলোকৰ বিয়া হৈছিল। কিন্তু মেৰীয়ে চাকৰি এৰি দিয়াৰ পিছতে আডামৰ সৈতে বিবাহ বিচ্ছেদো হয়। পিছত আডামে চেলছী নামৰ আন এগৰাকী মহিলাৰ প্ৰেমত পৰে আৰু বিয়া কৰোৱাৰ সিদ্ধান্ত লয়। আৰু সেই পূৰ্ব পৰিচিত বন্ধুক বিয়ালৈ নিমন্ত্ৰণ দিয়ে। আৰু সেই বিয়ালৈ গৈয়ে বন্ধুজনে ধৰা পেলাই যে, মেৰীৰ বিয়াৰ পোছাকেই পৰিধান কৰিছে চেলছীয়ে। আৰু বিয়াঘৰৰ পৰাই মেৰীলৈ পঠিয়াই চেলছীৰ ফটো। আৰু ওলাই পৰে সমস্ত ঘটনা।

লগে লগে মেৰীয়ে আৰক্ষীক অৱগত কৰে সমগ্ৰ ঘটনা। আৰু আৰক্ষীয়েও নৱ দম্পত্তিক থানালৈ মাতি পঠিয়ায়। জনা গৈছে যে, মেৰীৰ পোছাক আডামেই চেলছীক দিছিল। পিছত জামিনত মুক্তি লাভ কৰে নৱ দম্পত্তিয়ে।

Post a Comment

0 Comments