‘সৰ্বানন্দ সোণোৱালক চাইহে মানুহে ভোট দিছিল, হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হ'ব বুলি মানুহে ভবা নাছিল’ – ক’লে ৰকিবুল হুছেইনে

 


"সৰ্বানন্দ সোণোৱালৰ মুখখন চাইহে মানুহে বিজেপিক ভোট দিছিল, কিন্তু হিমন্ত বিশ্ব শৰ্মা কেনেকৈ মুখ্যমন্ত্ৰী হ'ল সেয়া সকলোৱে জানে।"- নিউজ১৮ অসম ডিজিটেলৰ সৈতে হোৱা এক সাক্ষাৎকাৰত এই মন্তব্য কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী তথা বিৰোধী উপ-দলপতি ৰকিবুল হুছেইনৰ। ৰকিবুল হুছেইনে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰি কয়, "স্থান এৰিলে মানুহৰ মান হেৰায় বুলি কথা এষাৰ আছে। আমি একেটা স্থানতে আছো। কিন্তু যেতিয়া বিশ্বাসৰ কথা আহে, তেতিয়া মই নিজকে আইনাত চাবলৈ গৌৰৱবোধ কৰো। কাৰণ প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে আমাক বিধায়ক  আৰু তিনিবাৰকৈ মন্ত্ৰী বনালে। তেওঁক বিশ্বাসঘাতকতা নকৰাটোয়ে মোৰ বাবে সুখৰ কথা।"

ইপিনে একালৰ  বন্ধু তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সৈতে তেওঁৰ বৰ্তমান ব্যক্তিগত সম্পৰ্ক কেনে বুলি সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয়, "একেবাৰে বেয়া বুলি ক'লে মিছা মতা হ'ব, কিন্তু বৰ্তমান ব্যক্তিগত সম্পৰ্ক আৰু ৰাজনৈতিক সম্পৰ্কৰ মাজত বিশেষ পাৰ্থক্য নাই।"

শেহতীয়াভাৱে বহুকেইজন কংগ্ৰেছ বিধায়কে বিজেপিত যোগদান কৰা সন্দৰ্ভত ৰকিবুল হুছেইনে কয়, "নিজৰ ফৈদটোক শক্তিশালী কৰিবৰ বাবেই মুখ্যমন্ত্ৰীয়ে বিজেপিলৈ কংগ্ৰেছৰ বিধায়ক নিছে। পিছে মাজুলীত নিজৰ ফৈদৰ মানুহক টিকট দিয়াত ব্যৰ্থ হ'ল মুখ্যমন্ত্ৰীগৰাকী। সেয়ে প্ৰথম পৰ্যায়ত মুখ্যমন্ত্ৰীগৰাকীৰ পৰাজয় হৈছে। ৰহাৰ খেলটো অলপ বেলেগ। ৰহাত বিজেপিয়েও উপ-নিৰ্বাচনত জিকিব নোৱাৰে বুলি বুজি পাইছে। সেয়ে এতিয়ালৈকে ৰহাৰ বিধায়কজনে পদত্যাগ কৰা নাই।"

Post a Comment

0 Comments