ৰাহুল গান্ধীৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ বিতৰ্কিত মন্তব্যঃ ৰাজ্যজুৰি উত্তাল প্ৰতিবাদ অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ

 


ৰাজীৱ ভৱনৰ সন্মুখত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ। মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে যুৱ কংগ্ৰেছে। উত্তৰাখণ্ডৰ নিৰ্বাচনী প্ৰচাৰ সভাৰ ভাষণত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীক তীব্ৰ ভাষাৰে সমালোচনা কৰিছিল। আনকি ৰাহুল গান্ধীৰ পিতৃ পৰিচয় কি বুলি এক বিতৰ্কিত মন্তব্য কৰিছিল।

আৰু মুখ্যমন্ত্ৰীৰ এনে মন্তব্যৰ বিৰুদ্ধে শনিবাৰে অসম প্ৰদেশ যুৱ কংগ্ৰেছে  ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটীৰ মুখ্য কাৰ্য্যলয় ৰাজীৱ ভৱনতো অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ উপ সভাপতি ৰাতুল পাটোৱাৰীৰ নেতৃত্বত প্ৰতিবাদী কাৰ্য্যসূচী পালন কৰে।

জি এছ ৰোডৰ ৰাজপথত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ পুতলিকা দাহ কৰে। প্ৰতিবাদ সাব্যস্ত কৰাৰ সময়তে ৰাতুল পাটোৱাৰীয়ে সংবাদ মাধ্যমক কয় যে, মুখ্যমন্ত্ৰীয়ে ৰাহুল গান্ধীৰ ডিএন এ সম্পৰ্কত কৰা মন্তব্যৰ ক্ষমা নুখুজিলে এই আন্দোলন অধিক তীব্ৰতৰ কৰি তোলা হ'ব।

Post a Comment

0 Comments