আজি দিল্লীলৈ যাব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, অমিত শ্বাহৰ সৈতে মিলিত হ’ব আলোচনাত


 
চাৰিদিনৰ বাবে অসমৰ বাহিৰত থাকিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। দুদিন থাকিব দিল্লীত। ৯, ১০ ফেব্ৰুৱাৰীত মণিপুৰত কটাব মুখ্যমন্ত্ৰীগৰাকীয়ে।

আজি দিল্লীলৈ যাব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। দিল্লীত গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰিব মুখ্যমন্ত্ৰীয়ে। অসম–মেঘালয় সীমা সমস্যা সমাধানৰ বাবে অমিত শ্বাহৰ সৈতে আলোচনাত মিলিত হ’ব ড০ শৰ্মা। আলোচনাত অংশগ্ৰহণ কৰিব মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই। নাগালেণ্ডৰ মুখ্যমন্ত্ৰীয়েও এই বৈঠকত অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে।

চাৰিদিনৰ বাবে অসমৰ বাহিৰত থাকিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। দুদিন থাকিব দিল্লীত। ৯, ১০ ফেব্ৰুৱাৰীত মণিপুৰত কটাব মুখ্যমন্ত্ৰীগৰাকীয়ে।

Post a Comment

0 Comments