মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কীৰ্তিকমলৰ পৰিয়ালৰ, অভিযুক্ত আৰক্ষী বিষয়া প্ৰদীপ বণিয়াক নিলম্বনৰ নিৰ্দেশ

 


নগাঁও আৰক্ষীৰ অপৰাধ বিৰোধী অভিযানক আমি কেতিয়াও বিৰোধিতা কৰা নাই। কিন্তু মোৰ নিৰ্দোষী ভাতৃৰ ওপৰত প্ৰদীপ বণিয়া আৰু এণ্টি নাৰ্কটিক স্কোৱাডৰ জোৱানে কৰা অত্যাচাৰৰ বিৰুদ্ধে আমি প্ৰতিবাদ কৰিছিলোঁ। এইক্ষেত্ৰত মুখ্যমন্ত্ৰী গৰাকীয়ে গ্ৰহণ কৰা ভূমিকাৰ বাবে তেঁওক আমি ধন্যবাদ জনাইছোঁ- এই মন্তব্য কীৰ্তিকমলৰ ভাতৃ কৌস্তভ কমল বৰাৰ। আজি কীৰ্তিকমল বৰাৰ এনকাউণ্টাৰত অভিযুক্ত আৰক্ষী বিষয়া প্ৰদীপ বণিয়াক তাৎক্ষণিকভাৱে নিলম্বন আৰু এণ্টি নাৰ্কটিক স্কোৱাডৰ আন সদস্যসকলক আন জিলালৈ বদলি আৰু প্ৰতিজন সদস্যৰ বিৰুদ্ধে তদন্ত কৰাৰ নিৰ্দেশ দিয়াৰ পিছতে এই প্ৰতিক্ৰিয়া কীৰ্তিকমলৰ পৰিয়ালৰ।

আনহাতে নগাঁও আৰক্ষীৰ অপৰাধ বিৰোধী প্ৰতিটো পদক্ষেপকে সমৰ্থন জনাই যাব বুলিও কীৰ্তিকমলৰ ভাতৃয়ে সংবাদ মাধ্যমক অৱগত কৰে। আনহাতে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু অতিৰিক্ত মুখ্য সচিব পৱন বৰঠাকুৰক এই পদক্ষেপৰ বাবে ধন্যবাদ জ্ঞাপন কৰে কীৰ্তিকমলৰ ভগ্নী নিবেদিতা বৰাই। নিবেদিতাই লগতে কীৰ্তিকমলক চৰকাৰী ভাৱে সংস্থাপন দিয়াৰ বাবে আহ্বান জনায় কয়, "তাৰ সপোন আছিল আৰক্ষী বিষয়া হোৱাৰ। সেই সপোন কলিতে মৰহি গ'ল। চিৰদিনলৈ সি ঘূণীয়া হ'ল। সেয়ে তাক চৰকাৰী ভাৱে সংস্থাপন দিয়ক।"

ইপিনে কীৰ্তিকমল বৰাৰ এনকাউণ্টাৰত আৰক্ষীক জগৰীয়া কৰি তদন্ত কমিটিয়ে প্ৰতিবেদন দাখিল কৰাৰ পিছতে অসম ছাত্ৰ পৰিষদে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰিছে।

Post a Comment

0 Comments