নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ দ্বাৰা গঠিত এণ্টি নাৰ্ক'টিক স্কোৱাড ভংগৰ নিৰ্দেশ

 


নগাঁও জিলাৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই গঠন কৰা এণ্টি নাৰ্ক'টিক স্কোৱাড ভংগৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অসম আৰক্ষীৰ সঞ্চালক প্ৰধানক এই নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী শৰ্মাই। কীৰ্তিকমল বৰাৰ এনকাউণ্টাৰৰ তদন্ত কমিটীৰ প্ৰতিবেদন দাখিলৰ পিছতে এই নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পৰা এটা কথাই স্পষ্ট হয় যে কীৰ্তিকমল বৰাৰ এনকাউণ্টাৰত নগাঁও আৰক্ষীৰ ভুল আছিল।

মুখ্যমন্ত্ৰীয়ে এণ্টি নাৰ্ক'টিক স্কোৱাড ভংগৰ নিৰ্দেশ দিয়াৰ লগতে ঘটনাৰ মূল অভিযুক্ত আৰক্ষী বিষয়া, সশস্ত্র শাখাৰ উপ-পৰিদৰ্শক প্রদীপ বণিয়াক তাৎক্ষণিকভাৱে নিলম্বন কৰিবলৈ নিৰ্দেশ দিয়ে। লগতে নগাঁৱৰ আৰক্ষী অধীক্ষক আৰু সশস্ত্ৰ  শাখাৰ উপ-পৰিদৰ্শক প্রদীপ বণিয়াৰ বাহিৰে এণ্টি নাৰ্ক'টিক স্কোৱাডৰ সকলো সদস্যক তাৎক্ষণিকভাৱে নগাঁও জিলাৰ বাহিৰলৈ বদলি কৰিবলৈ গৃহ আৰু ৰাজনৈতিক বিভাগে (Home and Political Department) জাৰি কৰা নির্দেশত কোৱা হৈছে ।

কচলুখোৱা তিনিআলিত ঘোৱা ২২ জানুৱাৰীত হোৱা আৰক্ষীৰ গুলীচালনাৰ ঘটনাৰ (police firing incident at Nagaon) সম্পৰ্কত ৰাজ্য চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰৰ নেতৃত্বত তদন্ত কমিটী গঠন কৰিছিল ৰাজ্য চৰকাৰে। এই তদন্ত কমিটীয়ে (inquiry committee) দাখিল কৰা প্রতিবেদনৰ পৰামৰ্শ অনুসৰি ৰাজ্য চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগে অসম আৰক্ষীৰ সঞ্চালকপ্ৰধানলৈ এই গুলীচালনাৰ ঘটনা সন্দৰ্ভত এলানি ব্যবস্থা গ্রহণৰ বাবে নির্দেশ জাৰি কৰিছে।

গৃহ আৰু ৰাজনৈতিক বিভাগে (Home and Political Department) জাৰি কৰা নির্দেশ মতে অসম আৰক্ষীৰ সঞ্চালকপ্ৰধানক নগাঁৱৰ আৰক্ষী অধীক্ষকৰ দ্বাৰা গঠিত বৰ্তমানৰ এণ্টি নাৰ্ক'টিক স্কোৱাডটো ভংগ কৰিবলৈ, সশস্ত্ৰ শাখাৰ উপ পৰিদৰ্শক প্রদীপ বণিয়া আৰু নীলকমল বৰাৰ এজাহাৰৰ ভিত্তিত ৰুজু হোৱা দুয়োটা গোচৰ অপৰাধ অনুসন্ধান শাখালৈ হস্তান্তৰ কৰিবলৈ আৰু উক্ত ঘটনাত জড়িত প্রতিজন আৰক্ষী বিষয়াই পালন কৰা ভূমিকা সন্দৰ্ভত এজন উচ্চ পদস্থ আৰক্ষী বিষয়াৰ দ্বাৰা বিভাগীয় তদন্ত কৰাবলৈ কোৱা হৈছে।

উল্লেখ্য যে এই এনকাউণ্টাৰত ভৰিত গুলী লাগি গুৰুতৰভাৱে আহত হৈছিল কীৰ্তিকমল বৰা।

Post a Comment

0 Comments