চোৰাং ব্যৱসায়ী যদি ডালে ডালে, আৰক্ষী পাতে পাতে, হাইলাকান্দিত পুনৰ জব্দ ৫০ লাখ টকাৰ বাৰ্মিজ চুপাৰি

 


বৰাকত অব্যাহত আছে আৰক্ষীৰ বাৰ্মিজ চুপাৰি বিৰোধী অভিযান। হাইলাকান্দি জিলাৰ ঠাণ্ডাপুৰ এলেকাৰ পৰা পুনৰ জব্দ বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰি। আৰক্ষীৰ তালাচীত ত্ৰিপুৰাৰ পৰা গুৱাহাটী অভিমুখে যোৱা এখন ট্ৰাকৰ পৰা জব্দ হৈছে প্ৰায় ৩০০ বস্তা বাৰ্মিজ চুপাৰি।

বৰাকত চলিছে আৰক্ষীৰ মিছন অল আউট। প্ৰতিদিনে আৰক্ষীৰ অভিযানত জব্দ হৈছে বৃহৎ পৰিমাণ বাৰ্মিজ চুপাৰি। আৰক্ষীৰ চকুত ধুলি দিবলৈ এতিয়া নিত্য নতুন পন্থা গ্ৰহণ কৰিছে চুপাৰি ব্যবসায়ীয়ে। কিন্তু এই ক’লা ব্যৱসায়ীসকল যদি ডালে ডালে, অসম আৰক্ষী তেন্তে পাতে পাতে। বুধবাৰে নিশা ভাঙা লোহা টিনৰ আঁৰত লুকুৱাই সৰবৰাহ কৰাৰ পথত হাইলাকান্দি আৰক্ষীয়ে জব্দ কৰে প্ৰায় ৩০০ বস্তা বাৰ্মিজ চুপাৰি।নিশা হাইলাকান্দি জিলাৰ পাচগ্ৰাম থানাৰ ঠাণ্ডাপুৰ এলেকাত আৰক্ষীৰ তালাচীত UP42-BT 5675 নম্বৰৰ এখন ট্ৰাকৰ পৰা জব্দ হয় এই বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰি। ট্ৰাকখন ত্ৰিপুৰাৰ কুমাৰঘাটৰ পৰা গুৱাহাটী অভিমুখে যোৱাৰ সময়তে হাইলাকান্দি আৰক্ষীয়ে জব্দ কৰে চুপাৰিখিনি।  জব্দ কৰা চুপাৰিখিনিৰ বজাৰ মূল্য প্ৰায় ৫০ লাখ টকা হ’ব বুলি জনাইছে আৰক্ষীয়ে।

Post a Comment

0 Comments