কি কি সামগ্ৰীৰ দাম বাঢ়িল, কি কি সস্তা হ'ল? কি নতুন ঘোষণা কৰিলে বিত্তমন্ত্ৰীয়ে?

 


আজি কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে উত্থাপন কৰিলে ২০২২-২৩ বিত্তীয় বৰ্ষৰ বাবে কেন্দ্ৰীয় বাজেট। এইবাৰ বাজেটে অৰ্থনৈতিক উন্নয়ন, নিবুনৱাৰ সংস্থাপন আদি বিষয়ত বিশেষ ভাবে গুৰুত্ব প্ৰদান কৰিছে।

উল্লেখ্য যে, কোৰোনা মহামাৰী স্বত্বেও GST বৃদ্ধি পাইছে। জানুৱাৰীত অভিলেখ হাৰত গ্ৰছ GST সংগ্ৰহ হৈছে। অৰ্থনীতিৰ পুনৰ উত্থানৰ বাবে GST বৃদ্ধি। মূলধনী সামগ্ৰীত ৭.৫ শতাংশ আমদানি শুল্ক কৰা হৈছে। সৰ্বমুঠ ১.৪ লাখ কোটি টকাৰ GST সংগ্ৰহ হৈছে।

কি কি সামগ্ৰীৰ দাম কমিবঃ


  • কাপোৰ, চামৰাৰ সামগ্ৰীৰ দাম কমিব।

  • মোবাইল ফোন আৰু চাৰ্জাৰৰ দাম কমিব।

  • হীৰাৰ গহনাৰ দাম কমিব।

  • খেতিৰ লগত জড়িত সামগ্ৰীৰ দাম হ্ৰাস পাব।

  • পলিচ হীৰাত কাষ্টম ডিউটি হ্ৰাস।

  • বিদেশী মেচিন সস্তা হ'ব।

  • ইলেক্ট্ৰিক আইটেমৰ দাম কমিব।

  • জোতা-চেন্দেলৰ দাম কমিব।

  • ষ্টীলৰ দাম কমিব।


কি কি সামগ্ৰীৰ দাম বাঢ়িবঃ

  • আৰ্টিফিচিয়েল গহনাৰ দাম বাঢ়িব।

  • ছাটিৰ দাম বাঢ়িব।

  • আন ব্লেণ্ডিং পেট্ৰলৰ দাম বাঢ়িব।

  • কেপিটেল গুডচৰ দাম বাঢ়িব।

 

Post a Comment

0 Comments