মৃত্যু শয্যাতো এইগৰাকী ২২ বছৰীয়া যুৱতীয়ে যি কৰিলে স্তম্ভিত কৰিলে সকলোকে


 মানৱ জীৱনৰ অন্তিম সময় কেতিয়া কাৰবাবে আহে কোনেও ক'ব নোৱাৰে। কিছুদিন পূৰ্বে কোলাৰত এগৰাকী ২৬ বছৰীয়া যুৱতী বিয়াৰ দিনা হোমৰ গুৰিত বহাৰ আগমুহূৰ্তত অজ্ঞান হৈ পৰি যায় আৰু ৪ দিন পিছত তেওঁক মৃত ঘোষণা কৰা হয়। নিয়তিৰ পৰিহাস এনেকুৱাই। তেনে এক ঘটনাৰেই পুনৰাবৃত্তি ঘটিল বেংগাৱুৰুত।

বেংগালুৰুত টি কে গানভি (T K Ganvi) নামৰ এইগৰাকী ২২ বছৰীয়া যুৱতী হঠাত অচেতন হৈ পৰাত চিকিতসালয়লৈ নিয়া হয়। টি কে গানভি এগৰাকী নাৰ্ছ আছিল আৰু নিজৰ চাকৰি কালত কিমানযে লোকৰ জীৱন ৰক্ষাৰ কাম কৰিছিল হয়তো তাৰ হিচাপ নাই। কিন্তু অলপতে নাইট ছিফ্টত নিজৰ কৰ্তব্য কৰি থকাৰ সময়তে গানভি অচেতন হৈ পৰে। লগে লগে তাইক হাস্পতালত ভৰ্তি কৰোৱা হয়। জৰুৰীভাৱে গানভিৰ অস্ত্ৰোপচাৰো কৰা হয়। কিন্তু ৪ দিন পিছত গানভিক ব্ৰেইন ডেড ঘোষণা কৰা হয়।

গানভিয়ে নিজৰ চাকৰি কালত বহুতৰে জীৱন ৰক্ষা কৰিলে। সেইগৰাকী গানভিয়েই মৃত্যুৰ পিছতো কৰি গ'ল মানৱ জাতিৰ সৰ্বোত্তম ত্যাগ। গানভিয়ে আনৰ বাবে কৰি গ'ল নিজৰ অংগ দান। যেতিয়াই মৃত্যুৰ খবৰ দিয়া হ'ল গানভিৰ পৰিয়ালে স্বেচ্ছাই বিধি অনুসৰি দান কৰিলে গানভিৰ অংগ।

গানভিৰ মাতৃয়ে কন্যাৰ সকলো অংগই দান কৰিছিল যদিও চিকিতসকে গানভিৰ যকৃত (liver), বৃক্ক (kidney), কৰ্ণিয়া (cornea) আৰু হাৰ্টৰ ভালভ (heart valves)হে ব্যৱহাৰ কৰিব পাৰিছিল।  ১২ ফেব্ৰুৱাৰীত গাভিক মৃত ঘোষণা কৰা হৈছিল। এই ঘটনাৰ পিছতে গানভি আৰু পৰিয়ালক সকলোৱে প্ৰশংসাৰে উপটাই দিছে।

Post a Comment

0 Comments