২০ বছৰ পূৰ্বেই ৰণথলীৰ পথাৰত পুতি থোৱা হৈছিল IED, নিশ্চিত কৰিলে বোমা বিশেষজ্ঞই


 অৱশেষত ৰণথলীৰ পথাৰত উদ্ধাৰ হোৱা বোমাকেইটা IED বুলি নিশ্চিত হ'ল বোমা বিশেষজ্ঞ আৰু অসম আৰক্ষী। ডেৰগাঁৱৰ পৰা অহা অসম আৰক্ষীৰ বোমা বিশেষজ্ঞ (Bomb Squad)ৰ দলে নিশ্চিত কৰিলে এই কথা। নগাঁও আৰক্ষীৰ এক সূত্ৰই News18ক জনোৱা অনুসৰি ২০ বছৰ পূৰ্বেই ৰণথলীৰ পথাৰত সংস্থাপিত কৰা হৈছিল আইইডি কেইটা। অৱশ্যে বৰ্তমান সম্পূৰ্ণৰূপে নিস্ক্ৰিয় হৈ পৰিছে আইইডি কেইটা। তথাপিও বোমা বিশেষজ্ঞৰ দলটোৱে আইইডি কেইটাৰ পৰা ডিট'নেটৰ পৃথক কৰি সেই স্থানৰ পৰা আতৰাই নিছে।

উল্লেখযোগ্য যে ৯০ৰ দশকত আলফাৰ আশ্ৰয়স্থল হিচাপে পৰিচিত অঞ্চলটোত উদ্ধাৰ হোৱা আইইডিকেইটা কোনো আলফা সদস্যই মাটিত পুটিত থোৱাৰ সন্দেহ কৰিছিল আৰক্ষীয়ে।

Post a Comment

0 Comments