কৰ্ণাটকত বজৰংগ দলৰ কৰ্মকৰ্তাক হত্যা, উত্তেজনাপূৰ্ণ পৰিস্থিতি, ১৪৪ ধাৰা জাৰি

 


দেওবাৰে নিশা কৰ্ণাটকৰ (Karnataka) শিৱমোগাত এজন ২৩ বছৰীয়া যুৱকক হত্যা। এই ঘটনাৰ পিছতে শিৱমোগাত উত্তেজনাই বিৰাজ কৰিছে। আৰক্ষীয়ে অঞ্চলটোত জাৰি কৰিছে ১৪৪ ধাৰা। বন্ধ কৰি দিয়া হৈছে শিক্ষা প্ৰতিষ্ঠানো। মৃত যুৱকজন বজৰংগ দলৰ কৰ্মকৰ্তা বুলি কোৱা হৈছে। কোনো অজ্ঞাত দুৰ্বৃত্তই শিৱমোগাৰ ভাৰতী কলনীস্থিত কামত পেট্ৰ’ল পাম্পৰ সমীপত যুৱকজনক হত্যা কৰে। এতিয়ালৈ হৰ্ষাৰ হত্যাৰ কাৰণ পোহৰলৈ অহা নাই।

এই ঘটনাৰ পিছতে শিৱমোগাত শিলাবৰ্ষণ আৰু অগ্নিকাণ্ডৰ ঘটনাও সংঘটিত হয়। বৰ্তমান পৰিস্থিতি উত্তেজনাপূৰ্ণ যদিও নিয়ন্ত্ৰণাধীন। কৰ্ণাটকৰ গৃহ মন্ত্ৰী অৰগা জ্ঞানেন্দ্ৰই মৃতকৰ পৰিয়ালক সাক্ষাৎ কৰাৰ লগতে জনসাধাৰণক শান্তি বজাই ৰাখিবলৈ আহ্বান জনায়। আৰক্ষীয়ে এক টাস্ক ফ’ৰ্চ গঠন কৰি ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে।

Post a Comment

0 Comments