পঞ্জাবলৈ ৰাওনা হ’ল অসম আৰক্ষীৰ এটা বৃহৎ দল, জি পি সিঙে জনালে শুভেচ্ছা

 


পঞ্জাবলৈ ৰাওনা হ’ল অসম আৰক্ষীৰ এটা বৃহৎ দল। ৰে’লযোগে পঞ্জাবলৈ ৰাওনা হয় অসম আৰক্ষীৰ দলটো। পঞ্জাবৰ বিধানসভা নিৰ্বাচনৰ সময়ত নিৰাপত্তাৰ দায়িত্বত নিয়োজিত হ’ব অসম আৰক্ষীৰ এইসকল জোৱান। আজি পুৱা ৰে’লযোগে ৰাওনা হয় দলটো।

স্পেচিয়েল ডিজিপি জি পি সিঙে টুইটাৰযোগে অসম আৰক্ষীৰ এই দলটোলৈ শুভেচ্ছা জ্ঞাপন কৰে। জি পি সিঙে টুইটাৰত শুভেচ্ছা জনাই লিখিছে - Shine bright and bring back happy memories।

উল্লেখযোগ্য যে ২০ ফেব্ৰুৱাৰীত পঞ্জাবত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন। ১০ মাৰ্চত ৰাজ্যখনত হ’ব বিধানসভা নিৰ্বাচনৰ ভোটগণনা।

 

Post a Comment

0 Comments