যোৰহাট কেন্দ্ৰীয় কাৰাগাৰ চৌহদত অচিৰেই ১০০ কোটি টকা ব্যয়েৰে নিৰ্মাণ হব বিশেষ উদ্যান প্ৰকল্প

 


যোৰহাটৰ কেন্দ্ৰীয় কাৰগাৰ (Jorhat Central Jail) চৌহদৰ এটা অংশ আটকধুনীয়াকৈ স্মৃতি উদ্যান ৰূপে গঢ়ি তোলা হ'ব । স্বাধীনতাৰ অমৃতকাল উপলক্ষে কাৰাগাৰ চৌহদৰ ১৫০ বিঘা মাটিত প্ৰায় ১০০ কোটি টকা ব্যয় সাপেক্ষে এই বিশেষ প্ৰকল্প গঢ়ি তোলা হ'ব বুলি শুক্ৰবাৰে যোৰহাট কেন্দ্ৰীয় কাৰাগাৰলৈ অহা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ই ঘোষণা কৰে । অহা ১৪ আগষ্টৰ পৰা এই প্ৰকল্পৰ কাম আৰম্ভ হ'ব।

যোৰহাট কেন্দ্ৰীয় কাৰাগাৰ চৌহদত থকা ৩৫০ বিঘা মাটিৰ ১৫০ বিঘা মাটিত এই স্মৃতি উদ্যানৰ বিশেষ প্ৰকল্পটি গঢ়ি তোলা হ'ব । কাৰাগাৰখনৰ ফাঁচীকাঠ, সত্ৰাধিকাৰ পীতাম্বৰ দেৱগোস্বামীয়ে কাৰাবাস খটা কোঠাকে ধৰি বৰ্তমানৰ কাৰাগাৰখনৰ বিশেষ কিছু অংশক লৈ মূল কাৰাগাৰখনৰ পকীবেৰাৰ কাষে কাষে এই উদ্যানখন গঢ়ি তোলা হ'ব।

এই প্ৰকল্পত স্বাধীনতা যুঁজাৰুসকলৰ এক স্মৃতি সৌধ নিৰ্মাণ কৰা হব য'ত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ মুক্তিযুঁজাৰুসকল তথা শ্বহীদসকলৰ নাম সন্নিবিষ্ট হ'ব। এই প্ৰকল্প এটা কনভেনছন চেণ্টাৰ, এখন সৰু বজাৰ, ফুড প্লাজা, যোগ কেন্দ্ৰ, মুকলি মঞ্চকে ধৰি একাধিক অত্যাধুনিক উপকৰণেৰে সমৃদ্ধ হ'ব। আটকধুনীয়াকৈ এই স্মৃতি উদ্যান নিৰ্মাণ কৰিবলৈ ৰাজ্য চৰকাৰে ইতিমধ্যে এশ কোটি টকাৰ এটা প্ৰস্তাৱ প্ৰস্তুত কৰি তুলিছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। অহা ১৪ আগষ্টৰ পৰা এই প্ৰকল্পৰ কাম আৰম্ভ কৰা হ'ব বুলি ব্যক্ত কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

"যোৰহাট কেন্দ্ৰীয় কাৰাগাৰৰ মুঠ ৩৫০ বিঘা মাটিৰ ১৫০ বিঘা মাটিত আটকধুনীয়াকৈ এই স্মৃতি উদ্যান নিৰ্মাণ কৰি উলিওৱা হ'ব । ইয়াৰ বাবে নৰ্থইষ্ট কাউঞ্চিলে (NorthEast Council) ৩৮ কোটি টকা আগবঢ়াইছে । বাকী ৬২ কোটি টকা ৰাজ্য চৰকাৰে ব্যয় কৰিব।" মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এনেদৰে কয় ।

'অমৃত উদ্যান' (Amrit Udyan) নামেৰে নামাকৰণ কৰিব লগা এই স্মৃতি উদ্যানখনলৈ যাবলৈ তিনিটা পথ থাকিব । অসম কৃষি বিশ্ববিদ্যালয়লৈ যোৱা পথটোৰ পৰা, বৰভেটা চাৰিআলিত নিৰ্মাণ কৰিব লগা ৰটাৰিটোৰ পৰা আৰু কে বি ৰোডৰ পৰা তিনিটা পথেৰে সংযুক্ত হৈ থাকিব এই উদ্যানখন। উদ্যানখনলৈ যাব পৰা এই তিনিওটা পথেৰে চাইকেল চলাই কোনো এজন লোকে উদ্যানৰ সমগ্ৰ অঞ্চলটো ঘুৰিব পৰাকৈ এই প্ৰকল্পটো নিৰ্মাণৰ পৰিকল্পনা কৰা হৈছে বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

Post a Comment

0 Comments