মহাভাৰতৰ 'ভীম' প্ৰবীণ কুমাৰ আছিল এগৰাকী অলিম্পিয়ান, এছিয়ান গেমছত স্বৰ্ণসহ চাৰিটা পদক আছে যাৰ নামত

 


মহাভাৰতৰ ভীমৰ চৰিত্ৰত অভিনয় কৰা বিশিষ্ট অভিনেতা প্ৰবীণ কুমাৰ চবটি (Praveen Kumar Sobti ) আছিল এগৰাকী অলিম্পিয়ান। এথলীট তথা ৰাজনৈতিক নেতা প্ৰবীণ কুমাৰ চবটিয়ে ৫০খনতকৈ অধিক হিন্দী জনপ্ৰিয় বোলছবিত অভিনয় কৰিছিল আৰু তেওঁ ১৯৮৮ চনত বি আৰ চোপ্ৰাৰ টেলিভিছন ছিৰিয়েল মহাভাৰতত (BR Chopra-epic Mahabharat) ভীমৰ চৰিত্ৰত অভিনয় কৰি খ্যাতি অৰ্জন কৰে।

এগৰাকী বি এছ এফৰ জোৱানৰ পৰা গৈ অলিম্পিক গেমছত অংশ লোৱা এথলীটগৰাকীয়ে হামাৰ থ্ৰো (hammer throw) আৰু ডিছকাছ থ্ৰোৰ সুদক্ষ খেলুৱৈ আছিল। মাত্ৰ ২০ বছৰ বয়সত তেওঁ প্ৰথমে বি এছ এফত ভৰ্তি হৈছিল। খেল জীৱনত সোমাই  এছিয়ান গেমছত (Asian games) স্বৰ্ণসহ তিনিটা পদক জিকিছিল সফল খেলুৱৈগৰাকীয়ে।

১৯৬৬ চনৰ বেংকক আৰু ১৯৭০ চনৰ বেংকক এছিয়ান গেমছৰ ডিছকাছ থ্ৰোত ৰেকৰ্ড টাইমিংসহ দুটাকৈ স্বৰ্ণ পদক জয় কৰিছিল। ১৯৭৪ চনৰ টেহৰান এছিয়ান গেমছতো ৰূপৰ পদক পাইছিল প্ৰবীণ কুমাৰে। ১৯৬৮ চনৰ মেক্সিকো (Mexico Olympics) আৰু ১৯৭২ চনৰ জাপান অলিম্পিক গেমছত অংশ লোৱা প্ৰবীণ কুমাৰে ১৯৬৬ চনৰ কিংছটন কমনৱেলথ গেমছত ৰূপৰ পদক লাভ কৰিছিল।

সফল খেলুৱৈগৰাকীয়ে তেতিয়াই ১৯৬৭ চনত ভাৰতবৰ্ষৰ ক্ৰীড়াৰ সন্মানীয় অৰ্জুন বঁটা লাভ কৰিছিল। শেহতীয়াকৈ ৰাজনীতিৰ পথাৰত যোগ দিয়া প্ৰবীণ কুমাৰে ২০১৩ চনত দিল্লী বিধানসভা নিৰ্বাচনত ৱাজিৰপুৰ সমষ্টিৰ পৰা আম আদমী পাৰ্টীৰ টিকটত প্ৰতিদ্বন্দ্বিতা কৰি পৰাজিত হৈছিল। পৰৱৰ্তী বর্ষত প্ৰবীণ কুমাৰে অৱশ্যে ভাৰতীয় জনতা পাৰ্টীত যোগ দিছিল।

Post a Comment

0 Comments