নগাঁৱত পুনৰ আৰক্ষীৰ এনকাউণ্টাৰ, আৰক্ষীৰ গুলীত আহত ড্ৰাগছ মাফিয়া ছাহজাহান


 পুনৰ নগাঁও আৰক্ষীৰ গুলীত ধৰাশায়ী হ'ল এটা দুৰ্ধৰ্ষ ড্ৰাগছ মাফিয়া। নগাঁও আৰক্ষীৰ এটা দলে জুৰীয়াৰ বালিকটীয়াত অভিযান চলোৱাৰ সময়তে সংঘটিত হৈছে এই এনকাউণ্টাৰৰ ঘটনা। নগাঁও আৰক্ষীৰ ভাৰপ্ৰাপ্ত আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰাই সংবাদ মাধ্যমক জনোৱা অনুসৰি , আৰক্ষীৰ এটা দলে গোপন সূত্ৰৰ পম খেদি জুৰীয়াৰ বালিকটীয়াত অভিযান চলাই বুজন পৰিমাণৰ ড্ৰাগছসহ ছাহজাহান আলী ওৰফে ছাজুক আটক কৰে। আৰক্ষীয়ে ছাজুৰ বাসগৃহত তালাচী চলাই হেৰ'ইন উদ্ধাৰ কৰে। কিন্তু হঠাৎ ছাজুৱে আৰক্ষীৰ এজন জোৱানক আক্ৰমণ কৰি পলায়নৰ চেষ্টা চলায়। উপায়ন্তৰ হৈ আৰক্ষীয়ে ছাহজাহানৰ ভৰিত গুলীচালনা কৰে।

উল্লেখযোগ্য যে ভৰিত গুলী লগা ছাহজাহানক প্ৰথম অৱস্থাত নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয়। কিন্তু চিকিৎসকে উন্নত চিকিৎসাৰ বাবে পিছত গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰে। উল্লেখযোগ্য যে, আনন্দ মিশ্ৰই নগাঁও জিলাৰ দায়িত্ব এৰাৰ পিছত এয়া হৈছে নগাঁও আৰক্ষীৰ প্ৰথমটো এনকাউণ্টাৰ।

Post a Comment

0 Comments