অসম চাহৰ ক্ষেত্ৰত বিশ্ববিখ্যাত। এইকথা আকৌ এবাৰ প্ৰমাণ কৰিলে ডিব্ৰুগড়ৰ ডিব্ৰুগড় বিমানবন্দৰৰ ওচৰৰ লাহোৱালত অৱস্থিত নাহোৰচুকবাৰীৰ AFT Techno trade য়ে । গ’ল্ডেন পাৰ্ল নামৰ বিশেষ চাহে আকৌ এবাৰ ইতিহাস সৃষ্টি কৰিলে । ১ কিলোগ্ৰাম চাহৰ মূল্য ১ লাখতকৈ ১ টকা কম। অৰ্থাৎ ৯৯,৯৯৯ টকা।গুৱাহাটী চাহ নিলাম কেন্দ্ৰত (Guwahati Tea Auction Centre) ৯৯,৯৯৯ টকাত বিক্ৰী হ’ল AFT Techno Tradeৰ ১ কিলোগ্ৰাম 'গ’ল্ডেন পাৰ্ল' টী । এইবছৰ এইবিধ চাহৰ উৎপাদন আছিল প্ৰায় ১ কিলোগ্ৰাম।
অসমৰ বিখ্যাত আৰু বিৰল প্ৰকাৰৰ চাহ Aft Techno tradeৰ "গ’ল্ডেন পাৰ্ল"
টীয়ে আজি গুৱাহাটী চাহ নিলাম কেন্দ্ৰত অনুষ্ঠিত চেল নং ০৭ত প্ৰতি
কিলোগ্ৰামত ৯৯,৯৯৯ টকা পাবলৈ সক্ষম হৈছে ।
উল্লেখ্য, বিগত বৰ্ষত
গুৱাহাটী চাহ নিলাম কেন্দ্ৰত ডিব্ৰুগড়ৰ মনোহাৰী চাহ বাগিচাৰ 'মনোহাৰী গোল্ড
টী' প্ৰতি কিলোগ্ৰাম ৯৯,৯৯৯ টকাত বিক্ৰী হৈছিল।
0 Comments