Rashifal, 11 Feb 2022: মেষ, বৃষ আৰু মিথুন ৰাশিৰ লোকসকলে আজিৰ দিনটোত মনত ৰাখক এইকেইটা কথা

 


মেষ ৰাশি (Mesh Rashifal, 11 February 2022)
আজি আপুনি কথাৰ মধুৰতা বজাই ৰাখক। ইয়াৰ বাবে কোনো বিবাদ হোৱাৰ আশংকা দূৰ হ’ব। লেখক আৰু শিল্পীৰ বাবে অনুকুল সময়। ভাতৃৰ মাজত প্ৰেম বাঢ়িব। দুপৰীয়াৰ পিছত আপোনাৰ চিন্তা বৃদ্ধি পাব আৰু উৎসাহ কম হ’ব। আজি আপুনি কোনো কথাক লৈ আবেগিক হৈ থাকিব। বন্ধুৰ সৈতে যাত্ৰালৈ যোৱা হ’ব পাৰে। আর্থিক ক্ষেত্ৰত আজিৰ দিনটো ভাল।

বৃষ ৰাশি (Vrishabha Rashifal, 11 February 2022)

গুৰুত্বপূৰ্ণ কাম আঝি সময়ত সম্পূৰ্ণ কৰিব পাৰিব। ধন লাভৰ সম্ভাৱনা। আপোনাৰ আজি শাৰীৰিক আৰু মানসিকভাৱে উৎসাহিত হৈ থাকিব। পৰিয়ালৰ সৈতে সময় আনন্দৰে পাৰ হ’ব। দুপৰীয়াৰ পিছত আপোনাৰ কোনো কথাক লৈ সিদ্ধান্ত ল’ব নোৱাৰিব। খৰধৰ কৰোতে কোনো সুবিধা হেৰুৱাব। জেদী স্বভাৱৰ বাবে কোনো বিবাদ হ’ব পাৰে। ভাই–বন্ধুৰ সৈতে সম্পৰ্কত ভাল ভাৱ থাকিব।

মিথুন ৰাশি (Mithun Rashifal, 11 February 2022)

আঝি সকলো ক্ষেত্ৰতে সাৱধান হওক। ঘৰত পৰিয়ালৰ সৈতে কোনো কথাত বিবাদ হ’ব পাৰে। আজি কোনো নতুন কাম আৰম্ভ নকৰিব। অন্যথা আধৰুৱা হৈ থাকিব। শাৰীৰিক অসুস্থতা আৰু মানসিক চিন্তা অনুভৱ হ’ব। কিন্তু দুপৰীয়াৰ পিছত কামত আপোনাৰ উৎসাহ বাঢ়িব। পাৰিবাৰিক বাতাবৰণ অনুকুল থাকিব। আত্মবিশ্বাস বৃদ্ধি পাব। মনোৰঞ্জনত ধন খৰচ হ’ব।

Post a Comment

0 Comments