এখন হাতত পত্নীৰ কটা মূৰ, আনখন হাতত ছুৰী লৈ হাস্যবদনে ফুৰিছে হত্যাকাৰী, এই ভাইৰেল ভিডিঅ'ই কঁপাইছে এখন দেশ

 


এটা ভাইৰেল ভিডিঅ'ই জোকাৰি গৈছে ইৰাণ। এগৰাকী ব্যক্তিয়ে তেওঁৰ পত্নীৰ কটা মুণ্ড হাতত লৈ হাস্যবদনে ওচৰ-চুবুৰীয়াক প্ৰদৰ্শন কৰি থকা এই ভিডিঅ'ই অকল ইৰাণ কিয় বিশ্বৰ বাবেও এক ভয়ংকৰ বাৰ্তা বহন কৰিছে। ইৰাণৰ আইএছএনএ সংবাদ সংস্থাই (ISNA news agency) পোহৰলৈ আনে এই তথ্য।

ঘটনাৰ বিৱৰণী অনুসৰি, উক্ত ব্যক্তিজনে তেওঁৰ পত্নীৰ আন এজনৰ সৈতে সম্পৰ্ক থকাৰ কথা জানিব পাৰি পত্নীক শিৰচ্ছেদ কৰে। আৰু এখন হাতত কটা যোৱা মুণ্ড আৰু আনখন হাতত তৰোৱাল লৈ ব্যক্তিজনে ওচৰ-চুবুৰীয়াক হাঁহি হাঁহি তাক প্ৰদৰ্শন কৰায় ( man appearing to display his decapitated young wife's head in the street)। আৰক্ষীয়ে সন্দেহ কৰা মতে, ১৭ বছৰীয়া মনা হেইদাৰী (Mona Heidari) নামৰ মহিলাগৰাকীক তেওঁৰ স্বামী আৰু ভাতৃয়ে ইৰাণৰ দক্ষিণ-পশ্চিম চহৰ আহভাজত হত্যা কৰে।

চৰকাৰী সংবাদ সংস্থাটোৱে ইতিমধ্যে ঘটনাক লৈ সোমবাৰৰ ভিতৰত দুজন লোকক অভিযান চলাই গ্ৰেপ্তাৰ কৰিছে বুলি উল্লেখ কৰিছে। বিষয়টোক লৈ ইৰাণৰ নাৰী অধিকাৰ কৰ্মী আনচিহ খাজালীয়ে সংসদৰ দৃষ্টি আকৰ্ষণ কৰিছে।

ইৰাণৰ বাতৰি কাকত আৰু সামাজিক মাধ্যমত এই হত্যাকাণ্ডক লৈ জনতাৰ মাজত উষ্মা প্ৰকাশ কৰা দেখা গৈছে। বহুতে সামাজিক আৰু আইনী সংস্কাৰৰ দাবী জনাইছে (demanding social and legal reforms)। এগৰাকী নাগৰিকৰ মতে শিৰচ্ছেদ কৰা মূৰ প্ৰদৰ্শন কৰি হত্যাকাৰীয়ে গৌৰৱান্বিত আছিল, এনে কৰুণ ঘটনা গ্ৰহণ কৰাটো অসম্ভৱ। এই ঘটনাৰ পিছতে দেশখনত মহিলাৰ সুৰক্ষাৰ বাবে আইনী সংস্কাৰৰ দাবী উত্থাপন হৈছে।

Post a Comment

0 Comments