প্ৰসিদ্ধ কৃষ্ণাৰ ওপৰত IPL-2022ৰ মেগা অকচনত হ’ব টকাৰ বৰষুণ! তিনিটা দলৰ মাজত চলিব পাৰে নিলামী যুঁজ

 


ধাৰণা কৰা হৈছে যে প্ৰসিদ্ধ কৃষ্ণাৰ ওপৰত আইপিএলৰ আগন্তুক ছিজনৰ পূৰ্বে হ’বলগীয়া মেগা অকচনত পৰিব পাৰে টকাৰ বৰষুণ। তেওঁ বিগত ছিজনত কলকাতা নাইট ৰাইডাৰ্ছৰ অংশ আছিল।

যুৱ পেছাৰ প্ৰসিদ্ধ কৃষ্ণা (Prasidh Krishna) বৰ্তমান সুন্দৰ ফৰ্মত আছে আৰু ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ছিৰিজত সুন্দৰ চমকপ্ৰদ প্ৰদৰ্শন কৰিছে। তেওঁ ছিৰিজৰ দুখন মেচত এতিয়ালৈ মুঠ ৬টা উইকেট দখল কৰিছে। আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ক্ৰিকেট ষ্টেডিয়ামত বুধবাৰে খেলা ছিৰিজৰ দ্বিতীয়খন এদিনীয়াত প্ৰসিদ্ধ কৃষ্ণাই কেৱল ১২ ৰান দি ৪টা উইকেট দখল কৰে। ধাৰণা কৰা হৈছে যে প্ৰসিদ্ধ কৃষ্ণাৰ ওপৰত আইপিএলৰ আগন্তুক ছিজনৰ পূৰ্বে হ’বলগীয়া মেগা অকচনত পৰিব পাৰে টকাৰ বৰষুণ। তেওঁ বিগত ছিজনত কলকাতা নাইট ৰাইডাৰ্ছৰ অংশ আছিল।  

প্ৰসিদ্ধ কৃষ্ণাই আহমেদাবাদত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে খেলত সুন্দৰ প্ৰদৰ্শন আগবঢ়ায়। দ্বিতীয়খন খেলত তেওঁৰ ভূমিকা আছিল উল্লেখযোগ্য। তেওঁ প্লেয়াৰ অব দ্য মেচ নিৰ্বাচিত হয়। ছিৰিজৰপ্ৰথমখন খেলতো তেওঁ ২৯ ৰান দি ২টা উইকেট লাভ কৰিছিল। 

প্ৰসিদ্ধ কৃষ্ণাই নিজৰ আইপিএল কেৰিয়াৰত এতিয়ালৈ ৩৪খন মেচ খেলিছে আৰু ৩০টা উইকেট দখল কৰিছে। তেওঁৰ ভাৰতৰ বাবে অৱশ্যে টেষ্ট আৰু টি২০ আন্তঃৰাষ্ট্ৰীয় ফৰ্মেটত এতিয়ালৈ খেলা নাই। খেলুৱৈগৰাকীয়ে ৬খন এদিনীয়া মেচত ১৫টা উইকেট দখল কৰিছে।

Post a Comment

0 Comments