হিজাব বিতৰ্কক লৈ সৰৱ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, হিজাব নহয় মুছলিম মহিলাক শিক্ষাহে অধিক জৰুৰী।


 দেশজুৰি উত্তাল হৈ থকা হিজাব বিতৰ্ক (Hijab Row)ক অৰ্থহীন আখ্যা দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ই। কৰ্ণাটকৰ পৰা আৰম্ভ হোৱা হিজাব বিতৰ্কই দেশৰ সৰ্বস্তৰৰ লোকক জোকাৰি গৈছে।  মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে মুছলিম মহিলা (Muslim Women)ৰ বাবে হিজাবতকৈ শিক্ষাহে অধিক জৰুৰী আৰু সেয়ে হিজাবক লৈ চলা বিতৰ্কৰ কোনো মূল্য নাই।

'হিজাবক লৈ বিতৰ্ক অৰ্থহীন। মুছলিম মহিলাৰ বাবে শিক্ষাহে অধিক গুৰুত্বপূৰ্ণ, হিজাব নহয়। শিক্ষা প্ৰদানৰ নামত হিজাবক লৈ চলা বিতৰ্কৰ কোনো মূল্য নাই।' মুম্বাইত আজি এই মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

মুখ্যমন্ত্ৰীয়ে কয়, 'কোৰাণ শ্বৰীফ (Quran) পঢ়িলেও পোৱা যায় যে হিজাবতকৈ শিক্ষাত বেছি গুৰুত্ব দিয়া হৈছে। এতিয়া প্ৰশ্নটো হৈছে হিজাব জৰুৰী নে শিক্ষা?'

উল্লেখ্য যে কৰ্ণাটকৰ এখন মহাবিদ্যালয়ত হিজাব পৰিহিত ছাত্ৰীক শ্ৰোণীৰ পৰা উলিয়াই দিয়াৰ  পিছত ন্যায়ালয়ৰ (karnataka High Court) দ্বাৰস্থ হৈছিল ৬গৰাকী ছাত্ৰী। তেতিয়াৰ পৰাই হিজাবক লৈ উত্তাল হৈ আছে দেশ

Post a Comment

0 Comments