ফেচবুক মেচেঞ্জাৰত আহিছে এই নতুন ফিচাৰ, কি সুবিধা হ'ব ব্যৱহাৰকাৰী সকলৰ?

 জনপ্ৰিয় ছচিয়েল মিডিয়া প্লেটফৰ্ম ফেচবুকে লৈ আহিছে ফেচবুক মেচেঞ্জাৰৰ এক


(Facebook Messenger  New Feature) নতুন ফিচাৰ । মেটা (Meta)ই ঘোষণা কৰিছে যে ফেচবুক মেচেঞ্জাৰৰ বাবে আৰম্ভ কৰিছে এণ্ড টু এণ্ড এনক্ৰিপচন (End to End Encryption) ফিচাৰ  । ফেচবুক মেচেঞ্জাৰৰ গ্ৰুপ চাট আৰু কলৰ ক্ষেত্ৰত আৰম্ভ কৰা হ'ব এই এণ্ড টু এণ্ড এনক্ৰিপচন ফিচাৰ  ।

এইটো এটা বহুত গুৰুত্বপূৰ্ণ ছিকিউৰীটি ফিচাৰ যিটো ইমানদিনে আৰম্ভ হৈছিল অকল সীমিত সংখ্যক  ব্যৱহাৰকাৰীৰ বাবে । এতিয়া এই এণ্ড টু এণ্ড এনক্ৰিপচন ফিচাৰ  আৰম্ভ কৰা হ'ব সকলো ফেচবুক মেচেঞ্জাৰ ব্যৱহাৰকাৰীৰ বাবে ।ফেচবুক মেচেঞ্জাৰে এণ্ড টু এণ্ড এনক্ৰিপচন ফিচাৰৰ  বাহিৰেও  আৰম্ভ কৰিব অন্যান্য বিভিন্ন ধৰণৰ ফিচাৰ । ইয়াৰ মাজত অন্যতম হল স্ক্ৰীনশ্বট ৱাৰ্নিং (Screenshot Warning Feature) ফিচাৰ । ইয়াৰ মাজেদি ফেচবুকৰ মেচেঞ্জাৰৰ এণ্ড টু এণ্ড  চাটৰ স্ক্ৰীনশ্বট ল'ব নোৱাৰিব । ফেচবুক মেচেঞ্জাৰৰ স্ক্ৰীনশ্বট ৱাৰ্নিং ফিচাৰৰ জৰিয়তে কোনোবাই চাটৰ স্ক্ৰীনশ্বট লোৱা হ'লে ইউজাৰসকলক নটিফাইড কৰা হ'ব ।

ফেচবুক মেচেঞ্জাৰৰ এণ্ড টু এণ্ড এনক্ৰিপচন  চাটৰ উপৰি অন্যান্য চাটৰ ক্ষেত্ৰতো নতুন কিছুমান ফিচাৰ আৰম্ভ কৰা হ'ব । ইয়াৰ মাজত আছে কিছুমান নিৰ্দিষ্ট কোনো মেছেজ বিভিন্ন ধৰণৰ জি আই এফ ষ্টিকাৰ (GIF Sticker), ৰিয়েকচন (Reaction), ৰিপ্লাই (Reply) ইত্যাদিৰ অপচন । ফেচবুক মেচেঞ্জাৰৰ নতুন ফিচাৰ ব্যৱহাৰ কৰা হ'ব নিৰ্দিষ্ট কোনো চাটৰ ক্ষেত্ৰত ।

ইয়াৰ উপৰি ফেচবুক মেচেঞ্জাৰৰ নতুন ফিচাৰ ব্যৱহাৰ কৰা হ'ব গ্ৰুপ চাট (Group Chat)ৰ ক্ষেত্ৰত । ফেচবুক মেচেঞ্জাৰৰ এণ্ড টু এণ্ড এনক্ৰিপচন চাটৰ ক্ষেত্ৰত দেখা যাব ভেৰিফাইড বেজ (Verified Badge)ৰ অপচন । ইয়াৰ দ্বাৰা ইউজাৰসকলে বুজিব পাৰিব কোনটো অথেনটিক একাউণ্ট কোনটো নহয়। ইয়াৰ উপৰি ফেচবুকৰ মেচেঞ্জাৰৰ ক্ষেত্ৰত ইউজাৰ সকলে গেলাৰীৰ পৰা ফটো আৰু ভিডিঅ' প্ৰেৰণ কৰাৰ আগত সেইটো এডিট কৰিব পাৰিব । ফেচবুক মেচেঞ্জাৰৰ এই নতুন ফিচাৰৰ ফলত ইউজাৰ সকলে ফটো আৰু ভিডিঅ'ত বিভিন্ন ধৰণৰ এডিট কৰাৰ সুবিধা পাব। ইয়াৰ ভিতৰত আছে টেক্সযুক্ত কৰাৰ সুবিধা, ক্ৰপ কৰাৰ সুবিধা, বিভিন্ন ধৰণৰ ষ্টিকাৰ লগোৱাৰ সুবিধা।

Post a Comment

0 Comments