এই ৰূপত দেখিছেনে কেপ্টেইন কুল মহেন্দ্ৰ সিং ধোনীক, আচলতে কি কৰিব গৈ আছে

 


বিশ্বৰ শ্ৰেষ্ঠ ক্ৰিকেটাৰসকলৰ ভিতৰত এজন তেওঁ। শ্ৰেষ্ঠ অধিনায়কসকলৰ মাজতো তেওঁ অন্যতম। সেইজন মহেন্দ্ৰ সিং ধোনী (Mahendra Sigh Dhoni )ৰ শেহতীয়া নতুন ৰূপে খলকনি তুলিছে ছচিয়েল মিডিয়াত। ক্ৰিকেটৰ পৰা অৱসৰ লোৱা পিছত এইয়া কি কৰিব গৈ আছে ধোনীয়ে।

সোনকালেই ছুপাৰহিৰো (Dhoni as Superhero) হিচাপে আত্মপ্ৰকাশ কৰিবলৈ সাজু হৈছে কিংবদন্তী ক্ৰিকেটাৰ মহেন্দ্ৰ সিং ধোনীয়ে। নতুন কমিক বুক ফ্ৰেঞ্চাইজি এটাত ছুপাৰ হিৰোৰ ৰূপত দেখা যাব ধোনীক । 'অথৰ্ব - দ্য অৰিজিন' (Atharva - The Origin) নামৰ এখন কমিক বুকত ধোনীক ছুপাৰহিৰোৰ ৰূপত দেখা যাব।মিডাছ ডীলছ প্ৰাইভেট লিমিটেডৰ সহযোগত ভিৰজু ষ্টুডিঅ'ৰ দ্বাৰা নিৰ্মাণ কৰিবলগীয়া গ্ৰাফিক উপন্যাস 'অথৰ্ব - দ্য অৰিজিন'ত এজন ছুপাৰহিৰো আৰু যোদ্ধা নেতাৰ চৰিত্ৰ 'অথৰ্ব' হিচাপে দেখা যাব। এইখন কমিক ছিৰিজটোৰ প্ৰথমখন কল্পনামূলক কিতাপ হ'ব।

Post a Comment

0 Comments