যি নেতাই কুকুৰক খাব দিয়া বিস্কূট সতীৰ্থ নেতাকো খাবলৈ দিয়ে তেওঁ ৰাজনৈতিক সততাৰ কথা কৈ লাভ নাই, ৰাহুল গান্ধীক টাৰ্গেট CM হিমন্তৰ

 


কংগ্ৰেছ নেতা ৰাহুল গান্ধী (Rahul Gandhi)ক আক্ৰমণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ৰ। সংসদৰ বাজেট অধিবেশনৰ আৰম্ভণিত ৰাষ্ট্ৰপতিয়ে দিয়া ভাষণত প্ৰতিক্ৰিয়া কৰি ৰাহুল গান্ধীয়ে মোদী চৰকাৰক আক্ৰমণ কৰাৰ পিছতে বিজেপি নেতা-মন্ত্ৰীসকলৰ ৰোষত পৰিছে কংগ্ৰেছ নেতা ৰাহুলগান্ধী।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাহুলক আক্ৰমণ কৰি নিজৰ টুইটাৰ হেণ্ডেলত এইদৰে লিখিছে, "মহাশয় ৰাহুল গান্ধী, যিজনে অসমৰ পৰা যোৱা নেতাৰ সন্মুখত কুকুৰক বিস্কূট খোৱায় আৰু সেই বিস্কূটকেই তেওঁলোকলৈ আগবঢ়ায় তেওঁ ৰাজনৈতিক শিষ্টাচাৰৰ কথা নোকোৱাই ভাল। INCৰ হাইকমাণ্ড মানসিকতাই হৈছে প্ৰথম আৰু শেষ কথা। ভাৰতৰ মানুহে এই কথা ভালদৰে জানে।"

Post a Comment

0 Comments