প্ৰখ্যাত গায়ক তথা সুৰকাৰ বাপ্পী লাহিৰিৰ দেহাৱসান, ৬৯ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ


 দেশৰ প্ৰখ্যাত গায়ক তথা সুৰকাৰ বাপ্পী লাহিৰিৰ (Bappi Lahiri) দেহাৱসান। ৬৯ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে লাহিৰিয়ে। পিটিআইৰ মতে, মুম্বাইৰ এখন হাস্পতালত দেহাৱসান ঘটে বাপ্পী লাহিৰিৰ। ১৯৮০ৰ দশত নিজৰ সংগীতৰ জৰিয়তে মানুহৰ হৃদয়ত স্থান স্থান দখল কৰা বাপ্পী লাহিৰিয়ে ডিস্ক’ ডান্সাৰ, শাৰাবী আৰু নমক হালালৰ দৰে ছুপাৰহিট ছবিৰ বাবে গান গাইছিল। বাপ্পী লাহিৰিৰ জন্ম ২৭ নৱেম্বৰ ১৯৫২ চনত পশ্চিম বংগৰ জলপাইগুৰিত হৈছিল।

বাপ্পী লাহিৰিৰ মৃত্যু মুম্বাইৰ ক্ৰিটিকেয়াৰ হাস্পতালত হয়। হাস্পতালৰ সঞ্চালক ডাঃ দীপক নামযোশীয়ে পিটিআইক কয়, ‘বাপ্পী লাহিৰিক এমাহ পূৰ্বে হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। ইয়াৰ পিছত সোমবাৰে তেওঁক ৰিলিজ দিয়া হৈছিল। কিন্তু মঙলবাৰে তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটে। ইয়াৰ পিছত পৰিয়ালে ঘৰতে চিকিৎসক মাতিছিল। পিছত তেওঁক হাস্পতাললৈ নিয়া হয়। তেওঁৰ স্বাস্থ্যৰ বহু সমস্যা আছিল। মঙলবাৰে নিশা তেওঁৰ মৃত্যু হয়।

Post a Comment

0 Comments