উদ্যোগপতি ৰতন টাটাক অসম বৈভৱ বঁটা প্ৰদান, মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰিলে বঁটা

 


দেশৰ খ্যাতিমান উদ্যোগপতি ৰতন টাটা (Ratan Tata)ক অসম বৈভৱ (Asom Baibhav) বঁটা প্ৰদান কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ই। আজি ৰতন টাটাৰ বাসগৃহলৈ গৈ ৰাজ্যৰ সৰ্বোচ্চ অসামৰিক সন্মান অসম বৈভৱ বঁটা ৰতন টাটাক প্ৰদান কৰে মুখ্যমন্ত্ৰীয়ে।

উল্লেখ্য যে যোৱা ২৪ জানুৱাৰীত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ(Srimanta Sankaradev Kalakshetra)ত আয়োজিত বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকিব পৰা নাছিল বিশিষ্ট উদ্যোগপতি ৰতন টাটা। সেয়ে আজি ৰতন টাটাৰ বাসগৃহলৈ গৈ মুখ্যমন্ত্ৰীয়ে নিজ হাতে তেওঁক এই সন্মান যাঁচে।

উল্লেখ্য যে চলিত বছৰৰ পৰা ৰাজ্য চৰকাৰে সমাজৰ বিভিন্ন ক্ষেত্ৰৰ পৰা বিভিন্ন স্তৰত সেৱা আগবঢ়োৱা লোকলৈ অসম বৈভৱ, অসম গৌৰৱ আৰু অসম সৌৰভ বঁটা প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। প্ৰথমটো অসম বৈভৱ বঁটা আগবঢ়োৱা হৈছে ৰতন টাটালৈ।

Post a Comment

0 Comments