পত্নী সলনা-সলনিৰ 'খেল', অনলাইন ছেক্স ৰিঙত ১০০০ লোক জড়িত থকা ঘটনাক লৈ দেশজুৰি আলোড়ন

 


কেইদিনমান আগেয়ে কেৰালাত উন্মোচিত হৈছিল পত্নী সলনা-সলনিৰ দৰে সামাজিকভাৱে অবৈধ তথা লজ্জাজনক কাণ্ড (couple swapping racket in Kottayam)। এতিয়া ঘটনাৰ পম খেদি আৰক্ষীয়ে উন্মোচন কৰিছে অতি ভয়ানক ভয়ানক তথ্য। যিয়ে কেৰালাত একপ্ৰকাৰ আলোড়নৰ সৃষ্টি কৰিছে। সূত্ৰ অনুসৰি এই কাণ্ডত ছজন অভিযুক্তৰ গ্ৰেপ্তাৰৰ পিছত কৰা তদন্তত প্ৰকাশ পাইছে যে ১০০০ৰো অধিক লোক 'অনলাইন ছেক্স ৰিং'ৰ সৈতে জড়িত আছিল। এই যৌন উৎপীড়ন কাণ্ডত ধনৰ লেনদেনৰ সম্ভাৱনাও আছে। ৯ জানুৱাৰীত কেৰালা আৰক্ষীয়ে দলটোক ধৰা পেলাইছিল। দৰাচলতে, এগৰাকী পীড়িত মহিলাই তেওঁৰ নিজৰ স্বামীৰ বিৰুদ্ধে কৰা অভিযোগৰ ভিত্তিত এই গোচৰটো পোহৰলৈ আহিছিল। ভুক্তভোগীয়ে অভিযোগ কৰিছিল যে তেওঁৰ স্বামীয়েই তেওঁক 'গ্ৰুপ ছেক্স' কৰিবলৈ বাধ্য কৰিছিল (husband forcing into having group sex) আৰু তেওঁ যোৱা চাৰে তিনি বছৰ ধৰি একেধৰণৰ কাণ্ডৰ মাজেৰে ধন উপাৰ্জন কৰি আহিছিল।

Post a Comment

0 Comments