পূৰ্বতকৈ এতিয়া বেছি সুৰক্ষিত হ’ব WhatsApp! ৬টা সংখ্যাৰ পিন কোডৰ বাহিৰে কৰিব নোৱাৰিব লগইন


 পূৰ্বতকৈ এতিয়া অধিক সুৰক্ষি হ’ল WhatsApp! ডেস্কটপ ব্যৱহাৰৰ কৰাসকলৰ বাবে এই ফিচাৰ। কিন্তু সেয়া ইউজাৰৰ ওপৰত নিৰ্ভৰ কৰিব। আপুনি ইচ্ছানুসাৰে ব্যৱহাৰ কৰিবও পাৰে নকৰিবও পাৰে। WhatsApp একাউণ্টক আৰু সুৰক্ষিত কৰাৰ বাবে এইবাৰ সংযুক্ত হৈছে নতুন এটা ফিচাৰ। এতিয়া WhatsAppত পোৱা যাব টু ষ্টেপ ভেৰিফিকেচনৰ সুবিধা।

এই ফিচাৰ বিলাক অকল ডেস্কটপ ব্যৱহাৰকাৰীসকলৰ বাবে। যদিও সেয়া ইউজাৰৰ ব্যৱহাৰৰ ওপৰত নিৰ্ভৰ কৰিব। আপুনি ইচ্ছানুসাৰে ব্যৱহাৰ কৰিবও পাৰে নকৰিবও পাৰে ( WhatsApp web and desktop may soon get two-factor authentication )।
বৰ্তমান সময়ত যদি কোনোৱাই নতুন স্মাৰ্ট ফোন ব্যৱহাৰ কৰি WhatsAppত লগ ইন কৰে তেন্তে ৬টা সংখ্যাৰ কোড দিব লাগিব স্মাৰ্ট ফোন ব্যৱহাৰকাৰীজনে। ইয়াৰ উপৰিও ডেস্কটপত লগ ইন কৰাৰ বাবে ব্যৱহাৰকাৰী ব্যক্তিজনে WhatsApp ৱেবত কেৱল QR কোড স্কেনিং কৰাব লাগিব তথা ইয়াত খুব সহজতেই ব্যৱহাৰকাৰী ব্যক্তিয়ে নিজৰ একাউণ্টত লগইন কৰিব পাৰিব। ইয়াৰ কাৰণে কোনো ধৰণৰ পিনৰ প্ৰয়োজনীয়তা নাই।

WABetainfoৰ ৰিপ’ৰ্ট অনুযায়ী, WhatsApp ৰ এই নতুন ফিচাৰটো ডেস্কটপত WhatsApp চাট বা মেছেজক নিৰাপদ ৰখাৰ বাবে সহায়ক হ’ব। WABetainfoত উল্লেখ কৰা মতে, WhatsAppত টু ষ্টেপ ভেৰিফিকেচনৰ সুবিধা আহিছে, যিটো ব্যৱহাৰ কৰাটো সুবিধাজনক আৰু নিৰাপদ। সেইবাবে বাকী থকা আপডেট বিলাকত ৱেব বা ডেস্কটপত এই ফিচাৰটো আৰম্ভ কৰাৰ বাবে কাম চলি আছে বুলি উল্লেখ কৰিছে। সেইক্ষেত্রত মোবাইলৰ নিচিনাকৈয়ে ৬টা সংখ্যাৰ পিন পঠিওৱা হ’ব ব্যৱহাৰকাৰী ব্যক্তিজনৰ নম্বৰত। সেই পিনৰ সহায়ত নিৰাপদভাৱে ডেস্কটপত WhatsApp লগইন কৰিব পাৰিব। বৰ্তমান এই নতুন ফিচাৰটো পৰীক্ষাৰ পৰ্যায়ত আছে বুলি উল্লেখ কৰিছে। কিন্তু অতি সোনকালেই এয়া উপলব্ধ হ’ব বুলিও আশা কৰা হৈছে।

Post a Comment

0 Comments