প্ৰাক্তন মিছ ইউনিভাৰ্ছ তথা বলীউদৰ অভিনেত্ৰী সুস্মিতা সেন আৰু ৰোহমান শ্বালৰ মাজৰ সম্পৰ্ক অন্ত পৰাৰ পিছতে নিজৰ অনুৰাগীৰ সৈতে এক লাইভ ইন্টাৰেক্টিভ চেছনত অংশগ্ৰহণ কৰে। প্ৰেমৰ সম্পৰ্কক অভিনেত্ৰীগৰাকীয়ে কিদৰে চাই, ইয়াৰ ওপৰত অতি খোলাখুলিকৈ মন্তব্য কৰে। সেইসময়ত অভিনেত্ৰীগৰাকীৰ কাষত দেখিবলৈ পোৱা গৈছিল তেওঁৰ জীয়ৰী ৰেণী আৰু আলিশাক।
সুস্মিতা সেনে দীৰ্ঘদিন ধৰি ৰোহমান শ্বলৰ সৈতে ডেটিং কৰি আছিল। সংবাদ
মাধ্যমত এইটোও বাতৰি আহিছিল যে, দুয়োসোনকালে বিবাহপাশত আৱদ্ধ হ'ব পাৰে।
কিন্তু তাৰ পিছত হঠাতে দুয়োৰে বিচ্ছেদৰ খবৰে সকলোকে আচৰিত কৰি তোলে।
সুস্মিতাই তেওঁৰ অফিচিয়েল ইনষ্টাগ্ৰাম একাউণ্টত সম্পৰ্ক বিচ্ছেদৰ কথা
কৈছিল।
ব্ৰেকআপৰ পিছত সুস্মিতা প্ৰথমবাৰৰ বাবে ইনষ্টাগ্ৰামত
পোনপটীয়াকৈ আহিছিল। লাইভ চেছনত তেওঁ তেওঁৰ অনুৰাগীসকলক সকলো প্ৰশ্নৰ উত্তৰ
অতি সুন্দৰভাৱে দিছিল। ইফালে, সুস্মিতাক এজন অনুৰাগীয়ে সুধিছিল, 'আপোনাৰ
বাবে সন্মানৰ অৰ্থ কি?'
ইয়াৰ উত্তৰত প্ৰাক্তন মিছ ইউনিভাৰ্ছে উত্তৰ দিছিল, 'সন্মানৰ অৰ্থ হৈছে মোৰ
বাবে সকলো। কাৰণ প্ৰেম হৈছে আপুনি গভীৰভাৱে অনুভৱ কৰা বস্তু আৰু তাৰ
পিছতহে আপুনি প্ৰেমত পৰে।'
বলীউদৰ অভিনেত্ৰীগৰাকীয়ে লগতে কয়,
"প্ৰেমৰ কোনো অৰ্থ নাই য'ত কোনো সন্মান নাই। প্ৰেমে জীৱন জাগ্ৰত কৰে,
কিন্তু যদি সন্মান থাকে, তেন্তে প্ৰেম প্ৰকাশ কৰাৰ আন এটা সুযোগ আছে।
যেতিয়াই আপুনি প্ৰেমৰ ওপৰত গুৰুত্ব দিয়ে, আপুনি জানে যে ই অস্থায়ী হ'ব।
যদি সন্মান নাথাকে তেন্তে প্ৰেম আঁতৰি যাব। সন্মান মোৰ বাবে ডাঙৰ কথা।
0 Comments