‘প্লিজ ভামিকাৰ ফটো নুতুলিব...’, কন্যাৰ ফটো ভাইৰেল হোৱাৰ পিছতে পুনৰ অনুৰোধ বিৰাট কোহলীৰ

 


ইমান দিনে বহু ফটো দেখা গৈছে যদিও সেয়া কেতিয়াবা পিছফালৰ পৰা, কেতিয়াবা অস্পষ্ট। অৱশেষত কেমেৰাত আবদ্ধ হ’ল বিৰাট কোহলী আৰু অনুষ্কা শৰ্মাৰ কন্যা ভামিকা। এই ফটো প্ৰকাশ হোৱাৰ পিছত একেবাৰে সন্তুষ্ট নহয় বিৰাট। ছচিয়েল মিডিয়াত সংবাদ মাধ্যম আৰু আন লোকক উদ্দেশ্যি কোহলীৰ অনুৰোধ, ‘‘দয়া কৰি ভামিকাৰ ফটো নুতুলিব বা প্ৰকাশ নকৰিব, আমাৰ এয়াই অনুৰোধ।’’

দেওবাৰে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ছিৰিজৰ তৃতীয় এদিনীয়া চলি থকাৰ সময়তে গেলাৰীত কন্যাক কোলাত লৈ থকা অৱস্থাত দেখা গৈছিল অনুষ্কা শৰ্মাক। সেই সময়তে স্পষ্টকৈ দেখা গৈছিল ভামিকাক। লগে লগে ইণ্টাৰনেটত ভাইৰেল হৈ পৰিছিল বিৰাট–অনুষ্কাৰ কন্যাৰ ফটো। প্ৰায় ১০ ছেকেণ্ড সময় টিভিৰ স্ক্ৰীণত দেখা যায় ভামিকাক।

ইয়াৰ পূৰ্বেও কোহলী আৰু অনুষ্কাই ছচিয়েল মিডিয়াত সাংবাদিকসকলক অনুৰোধ জনাইছিল ভামিকাৰ ফটো পোহৰলৈ নানিবলৈ। কিন্তু বহু চেষ্টা কৰিও সেয়া সম্ভৱ নোহোৱাত স্বাভাৱিকতে বিৰক্ত বিৰাট। তেওঁ ছচিয়েল মিডিয়াৰ এক ষ্টৰীত এই সন্দৰ্ভত এক বাৰ্তা শ্বেয়াৰ কৰে সোমবাৰে।

Post a Comment

0 Comments