আজি বিৰাট কোহলীৰ আটাইতকৈ আপোন মানুহগৰাকীৰ জন্মদিন, শ্বেয়াৰ কৰিলে ফটো

 


সচৰাচৰ তেওঁক মাতৃৰ সৈতে ফটোত দেখা নাযায়। বেছিভাগ তেওঁ পত্নী অনুষ্কাৰ সৈতে ফটো শ্বেয়াৰ কৰে। আৰু কেতিয়াবা ব্ৰেণ্ড প্ৰমোচনৰ বাবে শ্বেয়াৰ কৰে পোষ্ট। কিন্তু আজি বিশেষ দিন। এনেকুৱা এটা দিনত মাতৃৰ সৈতে একপি ফটো শ্বেয়াৰ নকৰিবনে! বিৰাট কোহলীৰ আটাইতকৈ প্ৰিয় মানুহগৰাকীৰ আজি জন্মদিন।

আজি কোহলীৰ মাতৃ সৰোজ কোহলীৰ জন্মদিন। পিতৃক হেৰুওৱাৰ পিছত মাতৃ সৰোজ কোহলী হৈ পৰিছিল কোহলীৰ একমাত্ৰ আশাৰ থল। ভাল–বেয়া সকলো সময়তে মাতৃৰ আচলত শান্তি বিচাৰি পাইছিল কোহলীয়ে। কোহলীয়ে বহুবাৰ কৈছে যে তেওঁৰ জীৱনত পিতৃ–মাতৃৰ ভূমিকা আছিল আটাইতকৈ গুৰুত্বপূৰ্ণ। কোহলীক ক্ৰিকেটত ভৰ্তি কৰোৱাৰ পৰা আৰম্ভ কৰি দৈনিক প্ৰশিক্ষণলৈ সময়মতে নিয়া, সকলো তেওঁর পিতৃয়ে কৰিছিল। পিতৃক সেয়ে প্ৰতিক্ষণতে মনত কৰে কোহলীয়ে।

Post a Comment

0 Comments