মহিলাৰ মূৰত থু পেলাই চুলি কাটিছে জাভেদ হাবিবে! তুমুল ভাইৰেল ভিডিঅ’

 


সেই ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হৈছে। লগতে কোৰোণাৰ এই সময়ত এইদৰে কাৰোবাৰ মূৰত থু পেলোৱাক লৈ ব্যাপক সমালোচনা আৰু বিতৰ্কৰ সৃষ্টি হৈছে।

জনপ্ৰিয় হেয়াৰষ্টাইলিষ্ট জাভেদ হাবিব। সমগ্ৰ দেশেই তেওঁক চিনি পায়। সেই জাভেদ হাবিবৰ বিৰুদ্ধে মাৰাত্মক অভিযোগ কৰিলে এগৰাকী মহিলাই, সেয়াও কোৰোণা ভাইৰাছৰ এনে ভয়াৱহ পৰিস্থিতিৰ সময়ত। অভিযোগকাৰী মহিলাৰ মূৰত থু পেলোৱা দেখা গৈছে জাভেদ হাবিবক (Viral Video | Jawed Habib Spitting)। সেই ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হৈছে। লগতে কোৰোণাৰ এই সময়ত এইদৰে কাৰোবাৰ মূৰত থু পেলোৱাক লৈ ব্যাপক সমালোচনা আৰু বিতৰ্কৰ সৃষ্টি হৈছে।

ছচিয়েল মিডিয়াত ভাইৰেল হোৱা ভিডিঅ’টোত দেখা গৈছে, এখন ষ্টেজৰ ওপৰত চকীত বহি আছে মহিলাগৰাকী। চুলিৰ যত্ন লোৱাৰ টিপছ দি দি মহিলাগৰাকীৰ চুলি কটাৰ প্ৰস্তু চলাইছে জনপ্ৰিয় হেয়াৰষ্টাইলিষ্ট জাভেদ হাবিবে। ভিডিঅ’ত জাভেদ হাবিবক কোৱা শুনা গৈছে, ‘আমাৰ চুলি বেয়া, কিয় চুলি বেয়া? কাৰণ চেম্পু দিয়া হোৱা নাই।’ তেওঁ আৰু কয়, ‘মন দি শুনা... যদি পানীৰ অভাৱ হয় তেন্তে....’ এই বুলি মহিলাৰ মূৰত থু পেলাই দিয়ে জাভেদ হাবিবে।

Post a Comment

0 Comments