এ আৰ ৰহমানৰ কন্যা খাতিজাৰ বাগদান সম্পন্ন, ছচিয়েল মিডিয়াত ফটো ছেয়াৰ কৰিলে খাতিজাই

 


এ আৰ ৰহমান (AR Rahman daughter engagement)ৰ কন্যা খাতিজাৰ এংগেজমেণ্ট (AR Rahman daughter Khatija fiance)ৰ এখন ফটো ছচিয়েল মিডিয়াত ছেয়াৰ কৰিছে। য'ত তেওঁ গুলপীয়া হিজাবৰ লগত মিলাই এখন মাস্কো পিন্ধি আছে। ষ্টাৰ কিডগৰাকীৰ মুখখন সম্পূৰ্ণৰূপে দেখা পোৱা নাই যদিও, তেওঁৰ এই নতুন যাত্ৰাৰ আৰম্ভণিৰ উজ্জ্বলতা চকুত স্পষ্টভাৱে দেখা পোৱা গৈছে। এ আৰ ৰহমানৰ কন্যা বিশেষভাৱে চৰ্চালৈ আহিছিল, যেতিয়া লেখিকা তছলিমা নাছৰিনে তেওঁ হিজাব পিন্ধাৰ বাবে সমালোচনা কৰিছিল। এই সন্দৰ্ভত খাতিজাই কৈছিল যে নিজৰ পচন্দ অনুযায়ী পিন্ধা পোছাকক লৈ কোনোধৰণৰ অনুশোচনা নাই।

সংগীত জগতৰ বাদশ্বাহ এ আৰ ৰহমানৰ কন্যা খাতিজা (AR Rahman daughter Khatija) ৰ ইতিমধ্যে বাগদান হৈ গৈছে। খাতিজাই নতুন বছৰৰ আৰম্ভণিতে তেওঁৰ দৰাৰ বিষয়ে সকলোকে জনায়। খাতিজাই তেওঁৰ ইনষ্টাগ্ৰাম একাউণ্টত এখন ফটো শ্বেয়াৰ কৰি  তেওঁৰ বিয়াৰ বিষয়ে অনুৰাগীসকলক আনুস্থানিকভাৱে জনায়।

এ আৰ ৰহমানৰ কন্যাই তেওঁৰ জন্মদিনটো বাগদানৰ বাবে বাছনি কৰিছিল। খাতিজাৰ দৰাজনৰ নাম ৰিয়াছদিন শ্বেখ মহম্মদ। পেছাত তেওঁ এজন অডিঅ' অভিযন্তা। খাতিজাই ফটোখন শ্বেয়াৰ কৰি কেপচনত লিখিছে, 'মই অডিঅ' অভিযন্তা আৰু এণ্টাৰপ্ৰেনিয়ৰ  শ্বেখ মহম্মদৰ সৈতে বাগদান কৰিছোঁ বুলি জনাবলৈ পাই  আনন্দিত হৈছোঁ।'

Post a Comment

0 Comments