এটা নিশাই সলাই পেলালে জীৱন, ২৮ বছৰীয়া যুৱকে জন্ম দিলে সন্তান! হতভম্ব চিকিৎসক

 


বিজ্ঞান ়যিমানেই আগুৱাই গৈছে, সিমানেই পোহৰলৈ আহিছে বিভিন্ন ধৰণৰ অবাক কৰা ঘটনা। বহু সময়ত এনে কিছুমান ঘটনা ঘটে যিবোৰ মানুহে বিশ্বাস কৰিবলৈ টান পায়। কাৰণ তেনেধৰণৰ ঘটনা কোনেও কেতিয়াও ভাবিবই নোৱাৰে। সেই ধৰণৰ ঘটনা আৰু মানুহৰ চিন্তাৰ মাজত এতিয়া বহু পাৰ্থক্য আছে। সম্প্ৰতি তেনে এক খবৰে হতভম্ব কৰিছে সকলোকে। আমেৰিকাৰ ২৮ বছৰীয়া এজন যুৱকে জন্ম দিছে এটি কন্যা সন্তান (28 year old man gives birth to a baby girl)। ২০২০ চনৰ সেই ঘটনাই অবাক কৰিছে সকলোকে (Viral News)।

আমেৰিকাৰ (America)ৰ ৱেষ্ট ভাৰ্জিনিয়াৰ (West Virginia) ২৮ বছৰীয়া এছ পেট্ৰিক স্কেডৰ (Ash Patrick Schade) জন্ম মহিলাৰূপে হৈছিল। কিন্তু তেওঁ নিজকে এজন পুৰুষ হিচাপে ৰূপান্তৰিত কৰিব বিচাৰিছিল। ২০২০ চনৰ কিছু বছৰ পূৰ্বে তেওঁ টেষ্টোষ্টেৰন আৰু অষ্ট্ৰোজেন ব্লকাৰ (Testosterone and Oestrogen Blocker) সেৱন কৰা আৰম্ভ কৰিছিল, যাতে তেওঁ পুৰুষ হিচাপে নিজকে ৰূপান্তৰিত কৰিব পাৰে। কিন্তু ২০২০ চনত হঠাৎ এছ পেট্ৰিক স্কেডে জানিব পাৰে যে তেওঁ গৰ্ভৱতী হৈছে।

পিএইচডি ছাত্ৰ আৰু মেণ্টেল হেল্থ ৱৰ্কাৰ হিচাপে কৰ্মৰত এছ পেট্ৰিক স্কেডে জনাইছে যে এটা ডেটিং এপৰ জৰিয়তে তেওঁ এজন অজ্ঞাত ব্যক্তিৰ সৈতে এনিশা কটাইচিল। তাৰ পিছত তেওঁ যেতিয়া গৰ্ভাৱস্থাৰ কথা জানিব পাৰে তেতিয়া অবাক হৈ পৰিছিল। এছ পেট্ৰিক স্কেডে তেতিয়া তেওঁৰ হৰমন চিকিৎসা বন্ধ কৰি দিয়ে। কাৰণ তেওঁ গৰ্ভত থকা সন্তানটো জন্ম দিব বিচাৰিছিল। সেই বছৰেই অৰ্থাৎ ২০২০ চনতে এছ পেট্ৰিক স্কেডে এটি কন্যা সন্তান জন্ম দিয়ে।
ডেইলী ষ্টাৰৰ খবৰ অনুসৰি, এছ পেট্ৰিক স্কেড বহুদিন ধৰি তেওঁৰ লিংগক লৈ সমস্যাত ভুগিছিল। তেওঁ বুজিব পৰা নাছিল যে ল’ৰা বা ছোৱালীৰ মাজৰ কোনটো লিংগ পৰিচয় বাচি ল’ব। কিন্তু গৰ্ভাৱস্থাৰ কথা জনাৰ পিছত সন্তান জন্ম দিয়াৰ সিদ্ধান্ত লোৱাত পলম নকৰিলে। এছ পেট্ৰিক স্কেডে জনাইছে যে লকডাউনৰ সময়খিনি খুব ভালদৰে গৈছে। কাৰণ সেই সময়ত সন্তানক লালন–পালন কৰিছিল তেওঁ। এই কথাটো ভাবি তেওঁৰ খুব আনন্দ লাগিছিল। এছ পেট্ৰিক স্কেডে আৰু কয় যে তেওঁ বৰ্তমান তেওঁৰ স্বামী জৰ্ডনৰ সৈতে বৰ্তমান থাকে, জৰ্দনেও সন্তানৰ খুব যতন লয়। তেওঁ যেতিয়া গৰ্ভৱতী হৈছিল তেতিয়া তেওঁৰ হৰমনেল চিকিৎসা চলি আছিল। ইয়াৰ মাজতে গৰ্ভৱতী হোৱা খবৰ শুনি চিকিৎসকো অবাক হৈ পৰিছিল। কিন্তু এছ পেট্ৰিক স্কেডে সেই খবৰত খুব আনন্দিত বুলি জনায়।

Post a Comment

0 Comments