'দেশত ভয়ংকৰ ৰূপ লৈছে নিবনুৱা সমস্যাই, মেৰুকৰণৰ ৰাজনীতিৰ বিপৰীতে নিবুনৱা সমস্যাক গুৰুত্ব দিয়ক', কেন্দ্ৰীয় চৰকাৰলৈ তীব্ৰ বাক্যবান বিজেপি সাংসদ বৰুণ গান্ধীৰ

 


দেশত ভয়ংকৰ ৰূপ লোৱা নিবনুৱা সমস্যাকলৈ পুনৰ এবাৰ কেন্দ্ৰীয় চৰকাৰক লক্ষ্য কৰি ল'লে বিজেপি সাংসদ বৰুণ গান্ধীয়ে। শুকুৰবাৰে তেওঁ কয় যে, 'বৰ্তমানৰ পৰিস্থিতি অতি ভয়লগা। মেৰুকৰণৰ ৰাজনীতিৰ বিপৰীতে নিবনুৱা সমস্যা সমাধানত গুৰুত্ব দিয়ক।'

বৰুণ গান্ধীয়ে নিজৰ টুইটাৰ হেণ্ডলত এটা ভিডিও শ্বেয়াৰ কৰিছে। ভিডিওটোৰ জৰিয়তে নিবনুৱা সমস্যাকলৈ কেন্দ্ৰীয় চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ চেষ্টা কৰে বিজেপিৰ সাংসদগৰাকীয়ে। বৰুণ গান্ধীয়ে ৰে'লৱে এনটিপিচিৰ খেলিমেলিৰ বাবে চলি থকা ছাত্ৰ আন্দোলনকাৰীৰ ওপৰত চৰকাৰে লাঠী চাৰ্জ কৰাত চৰকাৰক তীব্ৰ নিন্দা কৰে।

ভিডিওত এজন ছাত্ৰই কোৱা শুনিবলৈ পোৱা গৈছে যে, 'পকোড়া বিক্ৰী কৰা বেয়া কথা নহয়। কিন্তু এগৰাকী স্নাতক ডিগ্ৰীধাৰীয়ে পকোড়া বিক্ৰী কৰিবলৈ বিচাৰিব নেকি? যদি পকোড়া বিক্ৰী কৰিবলৈয়ে আছিল আমি কিয় স্নাতক ডিগ্ৰী ললো! মই পঞ্চম শ্ৰেণীলৈকে পঢ়িলো হেতেন আৰু পকোড়া বিক্ৰী কৰিলোহেতেন!'

উল্লেখ্য যে, উত্তৰপ্ৰদেশত এতিয়া নিবনুৱা সমস্যাত অতি ভয়ংকৰ ৰূপ লৈছে। নিৰ্বাচনৰ পূৰ্বে এই সমস্যাই এতিয়া বিপাঙত পেলাইছে বিজেপিক। ৰাজ্যখনত  ২০১২ চনত  স্নাতক ডিগ্ৰীধাৰী মাজত নিবনুৱাৰ হাৰ আছিল ২১ শতাংশ। যোগী আদিত্যনাথৰ শাসনকালত এই হাৰ  ৫১ শতাংশলৈ বৃদ্ধি পালে।

Post a Comment

0 Comments