ৰাস্তাত বাইকৰ পৰা পৰি গ'ল লাখ লাখ টকা, কোনে কোনে পালে

 


বাইকেৰে গৈ থাকোতেই এজন যুৱকৰ বেগৰ পৰা সকলোকে আচৰিত কৰি ৰাস্তাত পৰি পৰি গ'ল লাখ লাখ টকাৰ বান্দিল। টকাৰ বান্দিলেৰে সিচৰতি হৈ পৰিল পথ। এনেদৰে টকাই টকা ৰাস্তাত সিচৰতি হৈ পৰাৰ পিছতে উপস্থিত লোকৰ মাজত লাগিল হাহাকাৰ। এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশ (Uttar Pradesh)ৰ আলিগড়ত।

আলিগড়ত চিভিল লাইন থানা এলেকাত সংঘটিত হৈছে এই ঘটনা। ঘটনাৰ লগে লগে সেই স্থানত তালাচী চলাই থকা আৰক্ষী ততপৰ হৈ পৰে। আৰক্ষীয়ে পৰি যোৱা নগদ টকাখিনি জব্দ কৰিছে। মুঠ ৯ লাখ টকা জব্দ কৰে আৰক্ষীয়ে। বাইকৰ পৰা লাখ লাখ টকা পৰি যোৱা যুৱকজন হৈছে এজন ফলৰ বেপাৰী, নাম আৰ্ছাদ। আৰ্ছাদে আৰক্ষীক জনোৱা মতে ফলৰ মণ্ডীত বেপাৰীক দিবলৈ টকাখিনি বেংকৰ পৰা উলিয়াই আনিছিল। চেণ্টাৰ পইণ্ট চাৰিআলি পাওতেই টকাখিনি বেগৰ পৰা পৰি যায়।

উত্তৰ প্ৰদেশত বিধানসভা নিৰ্বাচনৰ বাবে ধন আৰু সুৰাৰ সৰবৰাহ ৰোধৰ বাবে দিন-ৰাতি সস্তম হৈ আছে আৰক্ষী প্ৰশাসন। তেনে উদ্দেশ্যৰেই ঠাইখিনিত তালাচী চলাই থকা আৰক্ষীৰ দলে জব্দ কৰে টকাখিনি। ইয়াৰ পিছতে টকাখিনি আইনগতভাৱে জব্দ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰে আৰক্ষীয়ে। ইয়াৰ পিছত আৰক্ষীয়ে আৰ্ছাদৰ প্ৰতিষ্ঠানৰ লোকক মাতি আনি বিষয়টো তদন্ত কৰি আছে।

Post a Comment

0 Comments