পুনৰ যমজ সন্তানৰ পিতৃ হ'ব ক্ৰিষ্টিয়ানো ৰোনাল্ডো! ভাইৰেল হৈছে অন্তঃসত্ত্বা প্ৰেমিকাৰ ফটো


 কিংবদন্তি ফুটবলাৰ ক্ৰিষ্টিয়ানো ৰোনাল্ডো পুনৰ যমজ সন্তানৰ পিতৃ হ'বলৈ গৈ আছে। তেওঁৰ গৰ্ভৱতী প্ৰেমিকা জৰ্জিনা ৰড্ৰিগছৰ ফটো ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।ৰোনাল্ডোৱে তেওঁৰ প্ৰেমিকা জৰ্জিনা আৰু চাৰিটা সন্তানৰ সৈতে ডুবাইত অৱসৰ বিনোদনত ব্যস্ত আছে।যোৱা বছৰৰ অক্টোবৰত ৰোনাল্ডোৱে এখন ফটো শ্বেয়াৰ কৰি কৈছিল যে তেওঁ আৰু জৰ্জিনা যমজ সন্তানৰ পিতৃ-মাতৃ হ'বলৈ গৈ আছে।ৰোনাল্ডোৰ ২জন পুত্ৰ আৰু ২জনী কন্যা আছে। ২০১০ চনত তেওঁ প্ৰথমবাৰৰ বাবে ক্ৰিষ্টিয়ানো জুনিয়ৰৰ পিতৃ হয়। অৱশ্যে, তেওঁ তেওঁৰ প্ৰথম সন্তানৰ মাতৃৰ পৰিচয় প্ৰকাশ কৰিব নিবিচাৰে। তেওঁ এগৰাকী অজ্ঞাত মহিলাৰ সৈতে চুক্তি কৰিছিল বুলিও কোৱা হয়। ২০১৫ চনত তেওঁৰ প্ৰথম সন্তানৰ জন্মৰ পাঁচ বছৰ পিছত ৰোনাল্ডোৱে ৰাছিয়ান মডেল ইৰিনা শ্বেয়াৰ্কৰ সৈতে তেওঁৰ সম্পৰ্ক সমাপ্ত কৰে। তেতিয়াৰ পৰা তেওঁ জৰ্জিনাৰ সৈতে সম্পৰ্কত আছিল।৮ জুন ২০১৭ত তাৰকা ফুটবলাৰগৰাকী যমজ সন্তানৰ পিতৃ হয়। কন্যা ইভা আৰু পুত্র মাতে ছাৰোগেছীৰ জৰিয়তে জন্মগ্রহণ কৰিছিল। কেইমাহমান পিছত ১২ নৱেম্বৰ ২০১৭ তাৰিখে ৰোনাল্ডোৰ প্ৰেমিকা জৰ্জিনা ৰড্ৰিগেজে তেওঁৰ জীয়েক এলিনা মাৰ্টিনাক জন্ম দিছিল।

Post a Comment

0 Comments