মাজত মাত্ৰ কেইটামান মুহূৰ্ত! কাৰ শিৰত জ্বিলিকিব বিজয়ৰ মুকুট? মাজে মাজে গীত-নৃত্য আৰু বহুতো


টিভিৰ আটাইতকৈ জনপ্ৰিয় ৰিয়েলিটি শ্ব' 'বিগ বছ 15'ৰ যিটো মুহূৰ্তৰ বাবে সকলোৰে আগ্ৰহেৰে অপেক্ষা কৰি আছে, অৱশেষত আহি পালে সেই বিশেষ মুহূৰ্ততো। আৰু মাত্ৰ কেইঘণ্টামানৰ পিছতে আমি বিগবছ ১৫তম ছিজনৰ বিজয়ীৰ বিষয়ে জানিব পাৰিম। Bigg Boss 15 Grand Finaleৰ দ্বিতীয় আৰু অন্তিম খণ্ডটো আজি নিশা ৮ বজাৰ পৰা কালাৰ্ছ চেনেলত সম্প্ৰচাৰিত হ'ব।

জনাও যে, অনুষ্ঠানটোৰ ৫ জন ফাইনেলিষ্ট কৰণ কুন্দ্ৰা, তেজস্বী প্ৰকাশ, নিশান্ত ভট্ট, শমিতা চেট্টী, আৰু প্ৰতীক সহজপালৰ মাজত আৰম্ভ হৈছে মূল যুঁজ। ইয়াৰ মাজৰে পৰা এজনে দৰ্শকৰ হৃদয়ত স্থান লাভ কৰাতো নিশ্চিত। ইতিমধ্যে চেনেলটোৰ ইনষ্টাগ্ৰাম একাউণ্টত আজিৰ খণ্ডটোৰ এটা প্ৰমো ভিডিঅ' শ্বেয়াৰ কৰা হৈছে।

তাৰ প্ৰাক মুহূৰ্তত বলীউদৰ ড্ৰামা কুইন আৰু 'বিগ বছ ১৫'ৰ প্ৰাক্তন প্ৰতিযোগী ৰাখী সাৱন্তক তেওঁৰ স্বামী ৰীতেশৰ সৈতে 'বৰেলী কি বৰফি' চলচ্চিত্ৰৰ এটা জনপ্ৰিয় গান 'বৰেলী ৱালে ঝুমকে'ত নৃত্য কৰা দেখা গৈছে। আমি জানো যে, ৰাখী এগৰাকী ভাল নৃত্যশিল্পী, কিন্তু আজিৰ খণ্ডটোত, ৰাখীৰ স্বামী ৰীতেশেও প্ৰমাণ কৰিব যে তেওঁ নৃত্যৰ ক্ষেত্ৰত ৰাখীতকৈ কম নহয়।

Post a Comment

0 Comments