মালদ্বীপৰ পৰা উভতিল টাইগাৰ শ্ৰফ আৰু দিশা পাটানি, এয়াৰপোৰ্টত একেলগে দেখা গ'ল দুয়োজনকে

 


টাইগাৰ শ্ৰফ (Tiger Shroff with Disha Patani) আৰু দিশা পাটানি নতুন বছৰ উদযাপনৰ উদ্দেশ্যে মালদ্বীপলৈ গৈছিল য'ৰ পৰা নিজৰ কেইবাখনো ধুনীয়া ফটো শ্বেয়াৰ কৰিছিল। এতিয়া দুয়ো মুম্বাইলৈ উভতি আহিছে। তেওঁলোকক যেতিয়া অনুৰাগীসকলে দেখা পাইছিল দুয়োকে একেধৰণৰ পোছাকত দেখা গৈছিল। উল্লেখ্য যে, টাইগাৰ শ্ৰফ আৰু দিশা পাটানিক প্ৰায় ভেকেছন অথবা লান্স ডেট আৰু ডিনাৰ ডেটত একেলগে দেখা যায়। দিশা পাটানিৰ সম্পৰ্ক অভিনেতাজনৰ পৰিয়ালৰ সৈতে একেবাৰে ঘনিষ্ঠ।

যোৱা কিছুদিন ধৰি টাইগাৰ শ্ৰফ (Tiger Shroff) ) আৰু দিশা পাটানি (Disha Patani) য়ে ইজনে সিজনক ডেট কৰাৰ খবৰ পোৱা গৈছে। অৱশ্যে, তেওঁলোকে সদায়ে কেৱল তেওঁলোকৰ মাজত বন্ধুত্বৰ সম্পৰ্ক থকাৰ কথাহে কৈ আহিছে, কিন্তু অনুৰাগীসকলে তেওঁলোকৰ এই কথা হজম কৰিব পৰা নাই। দুয়ো নতুন বছৰ (Tiger Shroff and Disha Patani New Year celebration) চেলিব্ৰেট কৰিবলৈ মালদ্বীপলৈ গৈছিল, য'ৰ পৰা তেওঁলোক এতিয়া উভতি আহিছে।  

দিশা আৰু টাইগাৰক বিমানবন্দৰত একেলগে দেখা গৈছিল। আপোনালোকক জনাই থওঁ যে টাইগাৰ আৰু দিশাই মালদ্বীপৰ পৰা তেওঁলোকৰ বহুত সুন্দৰ সুন্দৰ ফটোও শ্বেয়াৰ কৰিছিল। 

দিশা আৰু টাইগাৰক প্ৰায়ে লান্স ডেট, বন্ধত একেলগে যোৱা দেখা গৈছে। যুটিটোৰ সামাজিক মাধ্যমৰ প্ৰফাইলেও তেওঁলোকৰ সম্পৰ্কৰ বিষয়ে বহুকথা প্ৰকাশ কৰে।  

টাইগাৰ আৰু দিশাৰ মাজৰ সম্পৰ্কই বৰ্তমান যথেষ্ট চৰ্চা লাভ কৰিছে, কাৰণ, তেওঁলোক দুয়ো যেতিয়া নতুন বছৰ চেলিব্ৰেচনৰ বাবে একেলগে মালদ্বীপলৈ যায়

ফটোবোৰত আপুনি টাইগাৰ আৰু দিশাক একে ধৰণৰ নীলা পোছাকত নিশ্চয় দেখা পাইছেই। দুয়োকে একেলগে এয়াৰপৰ্টৰ পৰা ওলাই অহা দেখা গৈছে । 

Post a Comment

0 Comments