নাক কাটিলে আৰক্ষীৰ! আৰক্ষী আয়ুক্তৰ কাৰ্যালয় আৰু মুখ্য ন্যায়াধীশৰ গাতে লাগি থকা মেঘদূত ভৱনত চোৰে চলালে লুটপাত


 মহানগৰীৰ আটাইতকৈ সুৰক্ষিত স্থান বুলি ক'লেই হয়টো মনলৈ আহে মেঘদূত ভৱনৰ কথা ৷ কাৰণ মেঘদূত ভৱনৰ গাতে লাগি আছে উপায়ুক্ত কাৰ্যালয়। ৫০ মিটাৰ দূৰত্বত আছে মহানগৰ আৰক্ষী আয়ুক্তৰ কাৰ্যালয় আৰু তাৰ ঠিক ২০০মিটাৰ দূৰত্বত আছে মুখ্য ন্যায়াধীশৰ বাসভৱন ৷ কিন্তু আপুনি মই সুৰক্ষিত স্থান বুলি ভবা মেঘদূত ভৱনতে শুকুৰবাৰে সংঘটিত হ'ল এক চুৰিকাণ্ড। যিয়ে এতিয়া বিপাঙত পেলাইছে মহানগৰ আৰক্ষীক।

অহৰহ নিৰাপত্তাৰক্ষীৰ তত্বাৱধানত থকা মেঘদুত ভৱনৰ পাঁচোটা ফ্লৰতে চোৰে লুটপাত চলোৱাৰ ঘটনা পোহৰলৈ অহাৰ পিছতে পানবজাৰ আৰক্ষীয়ে আটক কৰে ১০জনকৈ ভৱনটোৰ নিৰাপত্তাৰক্ষীক ৷ শনিবাৰে পুৱাই আৰক্ষীৰ শীৰ্ষ বিষয়াসকল মেঘদূত ভৱনত উপস্থিত হৈ চিচিটিভি ভিজোৱেল নিৰীক্ষণ কৰাৰ সমান্তৰালকৈ স্নীফাৰ ডগৰ সহায়ত পৰীক্ষা কৰে সমগ্ৰ চৌহদ ৷

CCTV কেমেৰাত বন্দী হৈ ৰৈছে নিশা সংঘটিত এই চাঞ্চল্যকৰ চুৰিকাণ্ডৰ দৃশ্যাংশ ৷ তদন্তৰ খাতিৰত সকলো CCTV ভিজুৱেল আৰক্ষীয়ে ৰাজহুৱা নকৰিলেও আৰক্ষীয়ে ইতিমধ্যে সকলো ভিজুৱেল সংগ্ৰহ কৰি ক্ষীপ্ৰতাৰে আৰম্ভ কৰিছে তদন্ত প্ৰক্ৰিয়া ৷ কিন্তু এই এই পৰ্যন্ত কিমান টকা চোৰে লুটি নিলে সেয়াও স্পষ্ট কৰা নাই আৰক্ষীয়ে৷

ইপিনে  তদন্তত যাতে কোনো ধৰণৰ অসুবিধা নহয় তাৰ বাবে  দিনটোৰ বাবে মেঘদূত ভৱনত গ্ৰাহকৰ প্ৰৱেশ বন্ধ কৰি দিয়ে আৰক্ষীয়ে ৷ এক কথাত শুকুৰবাৰে নিশাৰ ভাগত সংঘটিত এই  চুৰিকাণ্ডই যেন আত্মসন্মান লাঘৱ কৰে আৰক্ষীৰ ৷ সেয়ে আৰক্ষীৰ শীৰ্ষ বিষয়াৰ কঠোৰ নিৰ্দেশনা- যিকোনো প্ৰকাৰে ২৪ ঘণ্টাৰ ভিতৰত কৰায়ত্ত কৰিব লাগে চোৰৰ গেংটোক৷

কাৰণ মেঘদূত ভৱনৰ দৰে সুৰক্ষিত স্থানত যেতিয়া চোৰে লুটপাত চলাই ওলাই যাব পাৰে তেন্তে আন যিকোনো স্থানতে হয়টো এই গেংটোৱে সংঘটিত কৰিব পাৰে চুৰিকাণ্ড।

Post a Comment

0 Comments