সোণাৰিৰ সাপেখাতী গৰখীয়া বামত ভয়ংকৰ অগ্নিকাণ্ড, জুইত জাঁহ গ'ল এটি ঘৰ .

 


সাপেখাতী ২নং গৰখীয়া বামত ভয়ংকৰ অগ্নিকাণ্ড ৷ অগ্নিকাণ্ডৰ ফলত জয় প্ৰধান নামৰ এজন লোকৰ বাসগৃহ সম্পূৰ্ণৰূপে ভষ্মীভূত হয় ৷ 

চৰাইদেউ জিলাৰ ১০৬ নং সোণাৰি বিধানসভা সমষ্টিৰ অন্তৰ্ভুক্ত সাপেখাতী ৰাজহ চক্ৰ অন্তৰ্গত সাপেখাতী ২নং গৰখীয়া বামত ভয়ংকৰ অগ্নিকাণ্ড ৷ অগ্নিকাণ্ডৰ ফলত জয় প্ৰধান নামৰ এজন লোকৰ বাসগৃহ সম্পূৰ্ণৰূপে ভষ্মীভূত হয় ৷ জুইৰ সূত্ৰপাত কেনেকৈ হ'ল সেয়া বৰ্তমানেও জানিব পৰা হোৱা নাই ৷ অগ্নিকাণ্ডৰ ফলত প্ৰায় ১২ লক্ষাধিক মূল্যৰ সা- সামগ্ৰী ভষ্মীভূত হয় ৷ কথমপি প্ৰাণ ৰক্ষা জয় প্ৰধানৰ পৰিয়ালৰ। ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈ অগ্নি নিৰ্বাপণ কৰে ৷

Post a Comment

0 Comments