বিহুক লৈ আৰোপ কৰা বাধা–নিষেধ গ্ৰহণযোগ্য নহয়, ৩১ ডিচেম্বৰত যদি শিথিল কৰিব পাৰে বিহুত কিয় নোৱাৰে : অখিল গগৈ

 


ভোগালী বিহুৰ বাধা নিষেধক লৈ চৰকাৰৰ বিৰুদ্ধে পুনৰ সৰৱ অখিল গগৈ। আজি সংবাদ মাধ্যমৰ আগত অখিল গগৈয়ে কয়, ‘‘মুখ্যমন্ত্ৰী ৰাজনৈতিক নেতাহে, অসমৰ অভিভাৱক নহয়। ৩১ ডিচেম্বৰত যদি নিশা বাধা–নিষেধ প্ৰত্যাহাৰ কৰিব পাৰে তেন্তে চৰকাৰে ভোগালীতো কৰক।’’

দুটাকৈ পুৰণি গোচৰৰ শুনানিৰ বাবে আজি সত্ৰ ন্যায়াধীশৰ আদালতত হাজিৰ হোৱাৰ সময়ত শিৱসাগৰৰ বিধায়কগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয়, ‘‘অসম চৰকাৰে বিহুৰ ওপৰত যি বাধা–নিষেধ আৰোপ কৰিছে সেয়া অনতি বিলম্বে আঁতৰাই দিয়া উচিত। যদি ৩১ ডিচেম্বৰৰ কাৰণে বাধা–নিষেধ আঁতৰাই দিব পাৰে, পূজাৰ কাৰণেও বাধা–নিষেধ আঁতৰাই দিব পাৰে, ষট পূজাৰ কাৰণেও পাৰে, বিহুৰ ওপৰত এনেদৰে বাধা–নিষেধ আৰোপ কৰাটো ভাল কথা হোৱা নাই। সেয়েহে মুখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰীক মই আহ্বান জনাইছো যাতে অনতি বিলম্বে বিহুৰ ওপৰত থকা বাধা–নিষেধসমূহ আঁতৰাই দিয়া হয়। বিশেষকৈ ১০ বজালৈ মানুহ বাহিৰত থাকিব পাৰিব বুলি কোৱা কথাটো কেতিয়াও সম্ভৱপৰ নহয়। মাঘবিহুৰ দিনা নিশাটো খুব গুৰুত্বপূৰ্ণ। আৰু পুৱা ৬ বজাৰ পিছতহে মানুহ ওলাব পাৰিব বুলি কোৱা কথাটোও মানিবলগীয়া বিষয় নহয়। কাৰণ আমি সকলো অসমীয়া মানুহে সূৰ্যৰ পোহৰ নোলোৱাৰ আগতে মেজি জ্বলাওঁ। গতিকে মেজি জ্বলোৱাৰ যি পৰম্পৰা, সেই পৰম্পৰা ধ্বংস কৰিবৰ কাৰণে আমি কাকো অধিকাৰ প্ৰদান কৰিব নোৱাৰো। হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰী, তেওঁ ৰাজনৈতিক নেতা, কিন্তু তেওঁ অসমীয়া জাতিৰ অভিভাৱক নহয়। গতিকে মই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, স্বাস্থ্য মন্ত্ৰী আৰু অসম চৰকাৰক বিহুৰ ওপৰত আৰোপ কৰা বাধা–নিষেধসমূহ উঠাই লোৱাৰ বাবে আহ্বান জনাইছো।’’

Post a Comment

0 Comments