৫৫ বছৰৰ পিছতো ছুপাৰ হট ছলমান, ভাইজানে প্ৰতিদিনে কি খায়? ছলমানৰ প্ৰিয় খাদ্য কি? ছলমান খানৰ দৰে ৫৫ বছৰৰ পিছতো তৰুণ আৰু সতেজ হৈ থাকিব বিচাৰে নেকি? জানি লওক ভাইজানৰ খাদ্যৰ ছিক্ৰেট।

 


ছলমান খান বলীউডৰ এজন এভাৰগ্ৰীণ আইকন! আনকি ৫৫ বছৰ বয়সতো ছলমানে আজিৰ তাৰিখৰ নতুন নায়কসকলকো গ'ল খুৱাই দিব পাৰে! ছলমান খানৰ যেন বয়স হোৱাই নাই, একোটেই যেন ডাঙৰ হ'ব নিবিচাৰে ছলমান! এতিয়াও চৰ্বিহীন আটিল শৰীৰ, মসৃণ ত্বক, কোনো ৰেখা নাই ছালত! ছলমান খান স্বাভাৱিকতে এজন অতি ফিটনেছ ফ্ৰিক লোক আৰু তেওঁৰ কাঢ়া দৈনন্দিন ৰুটিনত ব্যায়াম নিয়মিত ভাৱে থাকেই। কিন্তু কেৱল ব্যায়াম কৰিলেইটো নহয়! বয়সত ফিট থকাবলৈ হ'লে খোৱা-লোৱাও কৰিব লাগিব সঠিকভৱে। এতিয়া প্ৰশ্ন হৈছে, দৈনিক আহাৰত ভাইজানে কি খায়? তেওঁৰ প্ৰিয় খাদ্য কি?

সাধাৰণতে ভাইজানে তেলেতীয়া আৰু মচলাযুক্ত খাদ্য, জাংক ফুড পৰিহাৰ কৰে। ৰাতিপুৱাৰ আহাৰত তেওঁ মৌ মিহলি কৰা এগিলাচ নেমু পানী পান কৰে। প্ৰ'টিন আৰু কাৰ্বোহাইড্ৰেটসমৃদ্ধ জলপানৰ সৈতে, চাৰিটা কণীৰ অমলেট। অমলেট ভাইজানৰ অতি প্ৰিয়। কোনোবা দিনা ৪টা কণীৰ বগা অংশ আৰু ২টা বয়ল কণী খায়।

ছলমান খানে সপ্তাহত চাৰিদিন আবেলি কেৱল ফল খায়। বাকী তিনিদিনৰ পিছত চলমান খানে দক্ষিণ ভাৰতীয় খাদ্য যেনে দোছা, ইডলি, উথপম আদি খায়। কেতিয়াবা দক্ষিণ ভাৰতীয় খাদ্যৰ সলনি চালাড আৰু গ্ৰিল কৰা মাছ খায়। কোনোবা দিনা দুপৰীয়া সোৱাদ সলনি কৰি খায় ভাত। লগত মুৰ্গী, পিঠা আৰু পছন্দৰ পাচলি।

ৰাতি ছলমান খানে চিকেন আৰু চালাড খাবলৈ ভাল পায়। ছলমানে মাজে মুখৰনৰুচুৰ বাবে অলমন্দ বাদাম কীবলৈ ভাল পায়।

Post a Comment

0 Comments