আজি ৭৩সংখ্যক গণৰাজ্য দিৱস, দেশবাসীক শুভকামনা জনালে প্ৰধানমন্ত্ৰী মোদী–অমিত শ্বাহে


 ভাৰতে আজি ৭৩সংখ্যক গণৰাজ্য দিৱস পালন কৰিছে। এই উপলক্ষে কেইবাগৰাকীও ৰাজনৈতিক নেতাই দেশবাসীক শুভকামনা জনাইছে। মঙলবাৰে অৰ্থাৎ গণৰাজ্য দিৱসৰ প্ৰাক সন্ধিয়া কেন্দ্ৰীয় চৰকাৰে বিভিন্ন কেন্দ্ৰীয় আৰু ৰাজ্যৰ আৰক্ষী বলৰ জোৱানৰ বাবে ৯৩৯টা সেৱা পদক প্ৰদানৰ ঘোষণা কৰিছিল। ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দেও দেশবাসীক সম্বোধন কৰে।

প্ৰধানমন্ত্ৰী মোদীয়ে টুইট কৰিছে, ‘‘আপোনালোক সকলোলৈ গণৰাজ্য দিৱসৰ আন্তৰিক শুভকামনা। জয় হিন্দ!’ অমিত শ্বাহে লিখিছে, ‘সকলোলৈ ৭৩সংখ্যক গণৰাজ্য দিৱসৰ শুভকামনা। ভাৰতীয় গণতন্ত্ৰৰ গৌৰৱ, একতা আৰু অখণ্ডতাক অক্ষুণ্ণ ৰখাৰ বাবে নিজৰ সৰ্বস্ব অৰ্পণ কৰা সকলো জোৱানক প্ৰণিপাত জনাইছো। আহক আমি সকলোৱে স্বাধীনতাৰ গণতান্ত্ৰিক মূল্যৰ প্ৰতি নিজৰ দায়বদ্ধতা সুনিশ্চিত কৰাৰ সংকল্প লওঁ। জয় হিন্দ!’

ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয়, ‘৭৩সংখ্যক গণৰাজ্য দিৱস উপলক্ষে ভাৰতৰ নাগৰিকসকলক শুভেচ্ছা। আমাৰ দেশৰ নিৰন্তৰ প্ৰগতি আৰু সমৃদ্ধি কামনা কৰিছো।’

ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক কৈলাশ বিজয়বৰ্গীয়ও দেশবাসীক গণৰাজ্য দিৱসৰ শুভকামনা জ্ঞাপন কৰে। আনহাতে, কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিঙেও সকলোলৈ গণৰাজ্য দিৱসৰ শুভকামনা জ্ঞাপন কৰে।

Post a Comment

0 Comments