দেশৰ ভিতৰতে প্ৰথমটো ৰিম'ট পেচেণ্ট মনিটৰিং ছিষ্টেম ইউনিট স্থাপন কৰা হ’ল জেএমচিএইচত

 


যোৰহাট তথা ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰ বাসিন্দাসকলৰ বাবে সুখবৰ। যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত মুকলি কৰা হৈছে দেশৰ ভিতৰতে প্ৰথমটো remote patient monitoring system ইউনিট। ভৱিষ্যতৰ পদ্ধতিৰূপে পৰিগণিত এই পদ্ধতিৰ দ্বাৰা এতিয়াৰে পৰা কন্ট্ৰ’ল ৰুমত বহিয়েই চিকিৎসালয়খনত চিকিৎসাধীন ৰোগীসকলৰ স্বাস্থ্যৰ অৱস্থা পৰ্যবেক্ষণ কৰি থাকিব পৰা যাব।

যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত দেশৰ ভিতৰতে প্ৰথমবাৰৰ বাবে এই নতুন কাৰিকৰী ব্যৱস্থাৰ সংযোজন ঘটোৱা হৈছে।  চিকিৎসালয়খনত চিকিৎসাধীন ৰোগীসকলৰ বাবে সুখৰ বতৰা কঢ়িয়াই আনিছে নতুনকৈ মুকলি কৰা এই আধুনিক ব্যৱস্থাই। প্ৰথমবাৰৰ বাবে এক পাইলট প্ৰজেক্ট হিচাপে যোৰহাট চিকিৎসা মহাবিদ্যালয়ত শুভাৰম্ভ কৰা হৈছে এই remote patient monitoring system unit। এতিয়াৰে পৰা এই বিশেষ ব্যৱস্থাৰ যোগেদি চিকিৎসক, নাৰ্ছ ৰোগীৰ ওচৰত নাথাকিলেও কন্ট্ৰ’ল ৰুমত বহি থাকিয়েই ৰোগীৰ হাৰ্টবিট , পালছ ৰেট আদি শৰীৰৰ গুৰুত্বপূৰ্ণ দিশসমূহ পৰ্যবেক্ষণ কৰি স্বাস্থ্যৰ অৱস্থাৰ ওপৰত দৃষ্টি ৰাখিব পৰা যাব।

চিকিৎসাৰ ক্ষেত্ৰত ভৱিষ্যতৰ পদ্ধতি ৰূপে পৰিগণিত এই পদ্ধতিৰ দ্বাৰা ৰোগীৰ শৰীৰত স্থাপন কৰা এটা ৱায়াৰলেছ ইলেকট্ৰনিক চিপৰ জৰিয়তে ৰোগীৰ স্বাস্থ্যৰ প্ৰয়োজনীয় তথ্যসমূহ ৱাইফাই ইণ্টাৰনেটৰ জৰিয়তে কন্ট্ৰ’ল ৰুমৰ মনিটৰত পৰ্যবেক্ষণ কৰি থাকিব পৰা যায়। ইয়াৰ উপৰিও ইয়াৰ দ্বাৰা ৰোগীৰ স্বাস্থ্যৰ অৱনতি ঘটিলে এলাৰ্ট ছিষ্টেমৰ দ্বাৰা চিকিৎসকসকলে লাভ কৰিব সংকেত। প্ৰথমবাৰৰ বাবে ৰোগীসকলৰ ক্ষেত্ৰত ব্যৱহাৰ কৰি চোৱা এই ব্যৱস্থাৰ জৰিয়তে লাভ কৰা তথ্যসমূহ পৃথকে পৃথকে কৰা স্বাস্থ্য পৰীক্ষাৰ তথ্যসমূহৰ সৈতে একে পোৱা গৈছে। এই পদ্ধতিৰ দ্বাৰা চিকিৎসালয়ৰ সাধাৰণ ৱাৰ্ডত থকা ৰোগীসকলৰ ওপৰতো আইচিইউত থকা ৰোগীসকলৰ দৰেই ব্যৱস্থা আগবঢ়োৱাতো সম্ভৱ হ’ব বুলি জানিবলৈ দিয়ে জেএমচিএইচৰ অধ্যক্ষ ডাঃ ৰত্নকান্ত তালুকদাৰে।

"এই পদ্ধতিৰ দ্বাৰা আমি চিকিৎসালয়ত ভৰ্তি হৈ থকা বহু সংখ্যক ৰোগীৰ ওপৰত আইচিইউৰ দৰে দৃষ্টি ৰাখিব পাৰো। জেএমচিএইচত পাইলট প্ৰজেক্ট হিচাপে এই ব্যৱস্থা আৰম্ভ কৰা হৈছে। ইয়াৰ বাবে আমি অসম চৰকাৰ আৰু লাইফছিগনেলছ প্ৰাইভেট লিমিটেডক কৃতজ্ঞতা জনাইছো। পাঁচ দিনৰ বাবে ব্যৱহাৰ কৰিব পৰা এনে একোটা চিপৰ মূল্য প্ৰায় সাত হাজাৰ টকা। বৰ্তমান এয়া বিনামূলীয়াকৈ প্ৰদান কৰা হৈছে।", জেএমচিএইচৰ অধ্যক্ষ ডাঃ ৰত্নকান্ত তালুকদাৰে এনেদৰে কয়।

জেএমচিএইচত এই পদ্ধতি চৰকাৰৰ সহযোগত স্থাপন কৰিছে lifesignals private limited নামৰ প্ৰতিষ্ঠানটোৱে। পাইলট প্ৰজেক্ট হিচাপে জেএমচিএইচত প্ৰথমবাৰৰ বাবে স্থাপন কৰা এই পদ্ধতিৰ দ্বাৰা ৰোগীসকল বহু পৰিমাণে উপকৃত হ’ব বুলি ধাৰণা কৰা হৈছে। বৰ্তমান বিনামূলীয়াকৈ সেৱা আগবঢ়োৱা এই পদ্ধতিত ৰোগীৰ শৰীৰত স্থাপন কৰা একোটা চিপৰ মূল্য প্ৰায় সাত হাজাৰ টকা।

Post a Comment

0 Comments